নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী :উত্তৰাখণ্ডত বৃহস্পতিবাৰে সংঘটিত সংঘৰ্ষৰ পিছত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শুকুৰবাৰে পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । ইয়াৰ পূৰ্বে তেওঁ শিলগুটি নিক্ষেপকাৰীসকলক ধৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ।
ধামীয়ে এইটোও কয় যে দেৱভূমি উত্তৰাখণ্ডত আইন-শৃংখলা বিঘ্নিত কৰা যিকোনো সংঘৰ্ষকাৰীক ৰেহাই দিয়া নহ'ব । উল্লেখ্য যে বৃহস্পতিবাৰে এটা চৰকাৰী দলে মছজিদ আৰু মাদ্ৰাছাৰ কবলত থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বুলড'জাৰ লৈ বনভুলপুৰা আৰক্ষী থানা এলেকাত উপস্থিত হৈছিল, সেই সময়ত তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয় ।
পৰৱৰ্তী সময়ত এই উত্তেজনা সমগ্ৰ অঞ্চলটোতো বিয়পি পৰে । আনহাতে, এই সময়ছোৱাতে সংঘৰ্ষকাৰীয়ে শিলগুটি নিক্ষেপ কৰি আৰক্ষী-প্ৰশাসনৰ দলটোক আক্ৰমণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলাচালনা কৰিবলৈ বাধ্য হয় । এই ঘটনাত দুজন লোকৰ মৃত্যু হয় আৰু আৰক্ষী, প্ৰশাসন আৰু সংবাদ মাধ্যমৰ লোকসহ ৩ শতাধিক লোক আহত হয় । ইফালে আৰক্ষীৰ প্ৰত্যুত্তৰত চাৰিজন সংঘৰ্ষকাৰীৰো মৃত্যু হয় ।