অসম

assam

ETV Bharat / bharat

শুনিলেই বটিয়াব আপুনিও ! মচমচীয়া চিঙৰাৰ ভিতৰত ওলাল ভেকুলীৰ ঠেং - Frog Leg in Samosa

Frog leg in food : মচমচীয়া চিঙৰা আপোনাৰো বাৰু প্ৰিয় নেকি ? এতিয়াৰে পৰা মচমচীয়া চিঙৰাৰ জুতি লোৱাৰ পূৰ্বে দহবাৰ ভাবক ৷ কিয়নো সেই সুস্বাদু চিঙৰাৰ ভিতৰত ওলাব পাৰে মানুহে নোখোৱা অদ্ভূত খাদ্য ! অমনৰ চিঙৰাৰ ভিতৰতো ওলাল তেনে এক বস্তু ৷ পিছে কোন এই অমন আৰু ক’ত সংঘটিত হৈ এই ঘটনা ৷ সবিশেষ এই বাতৰিত...

Frog Leg in food
এয়া কি ? চিঙৰাৰ ভিতৰত ভেকুলীৰ ঠেং ! (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 5:26 PM IST

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ :চিঙৰা ৷ নাম শুনিলেই জিভাৰ পানী পৰা এবিধ খাদ্য ৷ ঘৰত প্ৰস্তুত কৰা এই জুতিলগা খাদ্যবিধতকৈ হোটেলৰ পৰা ক্ৰয় কৰা এইবিধৰ সোৱাদেই কিছু সুকীয়া হয় ৷ মাজে-সময়ে হোটেলত বহি একাপ চাহৰ সৈতে বা সুস্বাদু মিঠাইৰ সৈতে মচমচীয়া চিঙৰাৰ জুতি নিশ্চয় আপুনিও লয় ৷

এয়া কি ? চিঙৰাৰ ভিতৰত ভেকুলীৰ ঠেং ! (ETV Bharat)

মচমচীয়া চিঙৰাৰ ভিতৰত ভৰোৱা আলু-মটৰ-বাদামৰ কিছু শুকান ভাজিয়ে ইয়াৰ সোৱাদ কিন্তু দুগুণে বৃদ্ধি কৰে ৷ কি ডেকা, কি বুঢ়া সকলোৰে প্ৰিয় বিভিন্ন মিঠা-জ্বলা চাটনিৰে সৈতে খোৱা এইবিধ খাদ্য ৷

কিন্তু আপুনি বাৰু কল্পনা কৰিব পাৰেনে কেতিয়াবা যে এই চিঙৰাৰ ভিতৰত থকা আলুৰ সৈতে থাকিব পাৰে এবিধ অদ্ভুত বস্তু ৷ যদিহে ঘৰতকৈ হোটেলত প্ৰস্তুত কৰা চিঙৰা খাই আপুনি ভাল পায়, তেন্তে এই বিশেষ প্ৰতিবেদনটো আপোনাৰ বাবে ৷

  • আহকচোন যাওঁ কাহানিৰ মাজলৈ...

দিনটো অত্যন্ত ব্যস্ত আছিল অমন ৷ ব্যস্ততাৰ অন্তত একাপ চাহ খাবলৈ অমন সোমাল এখন মিঠাইৰ দোকানত ৷ অমনৰ লগত আছিল দুই-তিনিজন বন্ধু ৷ আটাইৰে মন গ’ল চাহৰ লগত আজি চিঙৰা খাবলৈ ৷ কথা মতে কাম ৷ হোটেলৰ গৰাকীক দিয়া হ’ল চাৰিটা চিঙৰাৰ অৰ্ডাৰ ৷

অৰ্ডাৰ দিয়া মতে, নিৰ্দিষ্ট সময়ত আহিল চিঙৰা ৷ চাহ আৰু চিঙৰাৰ জুতি কি যে অপূৰ্ব ! লাহে লাহে সকলোৱে খাবলৈ ল’লে চিঙৰা ৷ অমনেও চাহকাপত এসোহা মাৰি একামোৰ দিলে চিঙৰাত ৷ এয়া কি... হঠাৎ চিঞৰি উঠিল অমন ৷ কি কৰো, কি নকৰো অৱস্থা ৷ সকলো হতবাক ৷ হঠাতে কি হ’ল অমনৰ !

কিছু সময়ৰ পাছত নিজকে কিছু সংযত কৰি অমনে লগত থকা বন্ধুবৰ্গৰ লগতে হোটেলত সেই সময়ত উপস্থিত থকা আন গ্ৰাহককো দেখুৱালে তেওঁ খোৱা চিঙৰাটো ৷ এয়া কি ? সকলো আচৰিত ! আচৰিত নহ’বই বা কিয় ! কিয়নো অমনে খোৱা চিঙৰাটোত ওলাল ভেকুলীৰ ঠেং ৷

তাৰ পাছতে লাগি গ’ল হুলস্থূল ৷ মিঠাইৰ দোকানৰ গৰাকী-কৰ্মচাৰীক অমনৰ লগতে অন্য গ্ৰাহকেও বহু প্ৰশ্ন কৰি থকা-সৰকা কৰিলে ৷ লগে লগে ঘটনা সন্দৰ্ভত খবৰ দিয়া হ’ল আৰক্ষীক ৷ খবৰ লাভ কৰাৰ অন্তত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খাদ্য বিভাগকো অৱগত কৰে ।

পৰৱৰ্তী সময়ত খাদ্য বিভাগৰ বিষয়া উক্ত স্থানত উপস্থিত হৈ মিঠাই দোকানখনৰ পাকঘৰ, গুদাম আদিৰ লগতে মিঠাইৰ দোকানখনৰ সকলো দিশ তন্ন তন্নকৈ পৰিদৰ্শন কৰে । লগতে বেঙৰ ঠেং ওলোৱা চিঙৰাটোৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয় ।

আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে গাজিয়াবাদত ৷ গাজিয়াবাদৰ ইন্দিৰাপুৰমত অৱস্থিত এখন স্বনামধন্য মিঠাইৰ দোকানত সংঘটিত হৈছে এই ঘটনাটো ৷ চিঙৰাৰ ভিতৰত ভেকুলীৰ ঠেং ওলোৱা ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

লগতে পঢ়ক :সাৱধান ! সুস্বাদু আইচক্ৰীমৰ ভিতৰত ওলাইছে মানুহৰ কটা আঙুলি - Human Finger in Ice Cream

ABOUT THE AUTHOR

...view details