অসম

assam

ETV Bharat / bharat

গান্ধীনগৰ আসনত নিৰংকুশ বিজয়ৰ দিশে অমিত শ্বাহ - LOK SABHA ELECTION RESULTS 2024 - LOK SABHA ELECTION RESULTS 2024

Lok Sabha Election Results 2024: গান্ধীনগৰ লোকসভা আসনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অগ্ৰগতি ৷ বিপুল ভোটৰ ব্যৱধানত সমষ্টিটোৰ পৰা জয়ৰ বাবে সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

Lok Sabha Election Results 2024
গান্ধীনগৰ আসনত নিৰংকুশ বিজয়ৰ বাবে সাজু অমিত শ্বাহ (etv bharat assam)

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:23 PM IST

নিউজ ডেস্ক, ৪ জুন: কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা গান্ধীনগৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমিত শ্বাহে সহজ জয়ৰ দিশত অগ্ৰসৰ হৈছে । ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৩৪ লাখৰো অধিক ভোটৰ অগ্ৰগতি লাভ কৰি আছে ৷ শ্বাহে ৪,৭৩,৩৪৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী সোনাল ৰমনভাই পেটেলে ১,০১,৮৮৭ টা ভোটৰে দ্বিতীয় স্থানত আছে ।

গুজৰাটৰ ২৬খন লোকসভা আসনৰ ভিতৰত গান্ধীনগৰ অন্যতম আৰু অমিত শ্বাহৰ প্ৰাৰ্থীত্বৰ প্ৰতি লক্ষ্য ৰাখি এইটো যে এটা হাই প্ৰফাইল সমষ্টি সেয়া স্পষ্ট । গান্ধীনগৰ লোকসভাৰ আসনখনক বিজেপিৰ অতি নিৰাপদ আসন বুলি গণ্য কৰা হয় । এই সমষ্টিটো পৰম্পৰাগতভাৱে বিজেপিৰ দুৰ্গ হৈ আহিছে ৷ বিগত ৩৫ বছৰ ধৰি এই সমষ্টিটো বিজেপিৰ দখলত আছে । অমিত শ্বাহৰ পূৰ্বে এই আসনখন বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী দখলত আছিল ।

লগতে পঢ়ক:আৰম্ভ হ’ল ভোটগণনা: কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি ? - Lok Sabha Election Results 2024

লগতে পঢ়ক:ক্ৰমাৎ আকৰ্ষণীয় অসমৰ নিৰ্বাচনী ফলাফলৰ প্ৰেক্ষাপট : ধুবুৰীত পিছ পৰিছে বদৰুদ্দিন আজমল, যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

আদৱানীয়ে এই আসনৰ পৰা ৬ বাৰ নিৰ্বাচনত জয়ী হৈছে । ইয়াৰ পিচত ২০১৯ চনত বিজেপিয়ে এই আসনৰ পৰা অমিত শ্বাহক প্ৰক্ষেপ কৰিছিল । গান্ধীনগৰৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে অমিত শ্বাহ । এইবাৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখামুখি হৈছে কংগ্ৰেছৰ সোনাল পেটেলৰ ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: অভিলেখ সংখ্যক ভোটত জয়ৰ দিশে অমিত শ্বাহ - Lok Sabha Election Results 2024

গান্ধীনগৰ লোকসভা সমষ্টিত অন্তৰ্গত সাতটা বিধানসভা সমষ্টি বিজেপিৰ দখলত আছে ৷ এই সমষ্টিকেইটাৰ অন্যতম হৈছে আহমেদাবাদ আৰু গান্ধীনগৰ বিধানসভা সমষ্টি ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details