অসম

assam

ETV Bharat / bharat

তাজ এক্সপ্ৰেছৰ তিনিটা দবাত লাগিল জুই - Fire in Taj Express

Taj Express: দিল্লী-ঝান্সীৰ মাজত চলি থকা তাজ এক্সপ্ৰেছৰ তিনিটা দবাত অগ্নিকাণ্ড। সৌভাগ্যৰ কথা যে এই দুৰ্ঘটনাত কোনো যাত্ৰী আহত হোৱাৰ খবৰ পোৱা নাই। সকলো যাত্ৰী সুৰক্ষিত।

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 6:47 PM IST

FIRE IN TAJ EXPRESS
Fire in Taj Express (ETV Bharat)

নিউজ ডেস্ক, 3 জুন:সোমবাৰে সন্ধিয়া দিল্লী আৰু ঝান্সীৰ মাজত চলাচল কৰা তাজ এক্সপ্ৰেছৰ দবাত অগ্নিকাণ্ড সংঘটিত হয় । দিল্লীৰ সৰিতা বিহাৰত সংঘটিত হৈছে এই ঘটনা । দবাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিচতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । যাত্ৰীসকলে বয়-বস্তু লৈ ৰেলৰ পৰা নামি নিৰাপদ স্থানলৈ ঢাপলি মেলে । আতংকিত হৈ আন দবাবোৰৰ যাত্ৰীও ওলাই আহে । তথ্য লাভ কৰাৰ লগে লগে ডি আৰ এম আৰু অন্যান্য বিষয়াসকল সেই স্থানত উপস্থিত হয় । ৰেলখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে এই পথেৰে চলাচল কৰা আন ৰেলসমূহৰ যাত্ৰাও প্ৰভাৱিত হয় ।

উত্তৰ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া দীপক কুমাৰে কয় যে নতুন দিল্লীৰ পৰা বীৰাংগনা লক্ষ্মীবাই ঝান্সীৰ মাজত চলাচল কৰা তাজ এক্সপ্ৰেছৰ শ্লীপাৰ দবাত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয় । দুৰ্ঘটনাটোত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই । অগ্নিকাণ্ড সংঘটিত হোৱাৰ আগতেই ৰেলৰ পৰা নামি আহিছিল যাত্ৰীসকল । শ্লীপাৰ দবাত প্ৰথমে জুই লগাৰ পিচত দবাটো জ্বলি যায় । ইয়াৰ পিচত দুয়োফাল দুটা দবাতো জুই লাগে ।

লগতে পঢ়ক:চণ্ডিগড়ত ৰে'লৰ সংঘৰ্ষ, কাৰ ভুলৰ বাবে সংঘটিত হ'ল দুৰ্ঘটনা ? - Punjab train accident

তেওঁ কয় যে জুইৰ কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই । বৰ্তমান জুই নিয়ন্ত্ৰণ কৰা হৈছে । এই অগ্নিকাণ্ডত ধ্বংস হৈছে D3, D4, D2 নম্বৰৰ দবাকেইটা । ইফালে ৰে’লৱেৰ ডিচিপিয়ে জনোৱা মতে, সেই স্থানলৈ ৬খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ কৰা হৈছে । তথ্য অনুসৰি কোনো ব্যক্তি আঘাতপ্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হোৱা নাই ।

তেওঁ জনোৱা মতে, বিয়লি ৪.৪১ বজাত ৰে’লখনত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে পিচিআৰে । তাজ এক্সপ্ৰেছৰ তিনিটা দবাত জুই লগাৰ খবৰ পোৱাত ৰেলখন ৰখাই দিয়া হয় । যাত্ৰীসকল অন্য দবালৈ গৈ ৰে’লৰ পৰা নামি অহাৰ বাবে কোনো লোক হতাহত হোৱা নাই ।

লগতে পঢ়ক:কৃত্ৰিম বানৰ কবলত বেংগালুৰু, সাময়িকভাৱে বন্ধ মেট্ৰ’ সেৱা - Heavy Rain AND Thunderstorm

ABOUT THE AUTHOR

...view details