অসম

assam

ETV Bharat / bharat

পূৰ্বপুৰুষক তৰ্পণৰ বাবে আজিৰ দিনটো বিশেষ কিয় ? - Sarva Pitru Amavasya - SARVA PITRU AMAVASYA

Ganga snan in Haridwar: মহালয়া আৰু সৰ্বপিতৃ অমাৱস্যা উপলক্ষে আজিৰ দিনটোক অতি পবিত্ৰ দিন হিচাপে গণ্য কৰা হয় ৷ আজি পূৰ্বপুৰুষসকলক তৰ্পণ কৰিলে তেওঁলোকৰ আত্মাই সদগতি লাভ কৰে বুলি এক বিশ্বাস আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত দেশৰ ভিন্ন প্ৰান্তত পূৰ্বপুৰুষক স্মৰণৰ বাবে অসংখ্য লোকে ৰীতি-নীতি পালন কৰা দেখা গৈছে ৷

Ganga snan in Haridwar
সৰ্বপিতৃ অমাৱস্যা উপলক্ষে গংগা স্নান (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 2, 2024, 1:01 PM IST

নিউজ ডেস্ক, 2 অক্টোবৰ: আজি পবিত্ৰ মহালয়া ৷ পিতৃপক্ষৰ অন্ত পৰাৰ লগে লগে আজিৰে পৰা আৰম্ভ হৈছে মাতৃপক্ষ ৷ মহালয়া উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উছাহ ৷ পূৰ্বপুৰুষৰ বাবে আজিৰ দিনটোত তৰ্পণৰ এক পৰম্পৰা আছে ৷ বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা তৰ্পন কৰিলে মৃতকৰ আত্মাই সদগতি লাভ কৰে ৷

পবিত্ৰ অমাৱস্যাৰ দিনা দেশৰ আন আন প্ৰান্তৰ লগতে হৰিদ্বাৰৰ হৰ কী পৌৰীত পুৱাৰে পৰা ভক্তৰ বিপুল সমাগম ঘটিছে । দেশৰ বিভিন্ন ৰাজ্যৰ পৰা হৰিদ্বাৰত উপস্থিত হৈ ভক্তসকলে গংগা নদীত বিশ্বাস অনুযায়ী স্নান কৰিছে । পূৰ্বপুৰুষৰ মোক্ষ লাভৰ বাবে ভক্তসকলে গংগাত স্নান কৰি অৰ্পণ কৰা দেখা গৈছে ।

সৰ্বপিতৃ অমাৱস্যা (ETV Bharat)

কোৱা হয় যে শ্ৰাদ্ধৰ সময়ত যিয়ে পূৰ্বপুৰুষক জল তৰ্পণ কৰিব নোৱাৰে, তেওঁ পিতৃ অমৱস্যাৰ দিনা গংগাত স্নান কৰি পূৰ্বপুৰুষক জল তৰ্পণ কৰিব পাৰে । এনে কৰিলে পূৰ্বপুৰুষসকলে পৰিত্ৰাণ পায় ।

আজি সৰ্বপিতৃ অমৱস্যা:হিন্দু ধৰ্মত পিতৃপক্ষৰ প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ । পূৰ্বপুৰুষৰ শ্ৰাদ্ধ তেওঁলোকৰ মৃত্যুৰ তাৰিখৰ ভিত্তিত কৰা হয় । যদি কোনোবাই তাৰিখ পাহৰে, তেন্তে সৰ্বপিতৃ অমৱস্যাৰ দিনা পূৰ্বপুৰুষক ৰীতি-নীতি অনুসৰি স্মৰণ কৰিব লাগে । ইয়াৰ দ্বাৰা পূৰ্বপুৰুষৰ আত্মাই শান্তি লাভ কৰে আৰু সেই আত্মাই স্ব-স্থানলৈ গমন কৰে বুলি বিশ্বাস কৰা হয় । পিতৃপক্ষৰ অন্তিম দিনটো হৈছে সৰ্বপিতৃ অমৱস্যা আৰু সনাতন ধৰ্মত ইয়াৰ বিশেষ তাৎপৰ্য আছে বুলি ধৰা হয় ।

গংগাত স্নান কৰিবলৈ হৰিদ্বাৰত সমবেত ভক্ত:ধৰ্মীয় বিশ্বাস অনুসৰি গংগাত স্নান কৰিলে মানুহ সকলো পাপৰ পৰা মুক্ত হয় । দেৱ-দেৱীৰ পৰাও আশীৰ্বাদ লাভ কৰে । অমৱস্যা তিথিত গংগাত স্নান কৰাটো অতি উপকাৰী বুলি বিবেচিত হয় । বিশেষকৈ সৰ্বপিতৃ অমৱস্যাৰ দিনা গংগাত স্নান কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয় ।

হৰিদ্বাৰত গংগা স্নান (ETV Bharat)

কোৱা হয় যে অমৱস্যাৰ দিনা সকলো পূৰ্বপুৰুষ গংগালৈ যায় । তাৰ পিছত তাৰ পৰাই তেওঁলোকে নিজৰ পূৰ্বপুৰুষৰ স্থানলৈ ৰাওনা হয় । এনে পৰিস্থিতিত আজিৰ দিনটোত গংগাত স্নান কৰিলে পূৰ্বপুৰুষ সন্তুষ্ট হয় আৰু আত্মাই শান্তি পায় । যি ব্যক্তিৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ আছে, তেওঁ জীৱনলৈ সুখ, সমৃদ্ধি আহে ।

সৰ্বপিতৃ অমাৱস্যাৰ শুভ সময়:আজি সৰ্বপিতৃ অমৱস্যা । যদি কোনোবাই পিতৃপক্ষৰ ১৫ দিনত শ্ৰদ্ধা বা তৰ্পন কৰা নাই, তেন্তে বুধবাৰে পিতৃ অমৱস্যাত ১৫ দিনৰ পৰিৱৰ্তে মাত্ৰ এদিনৰ বাবেহে শ্ৰদ্ধা কৰিব পাৰিব । ১ অক্টোবৰ মঙলবাৰে নিশা ৯:৩৯ বজাৰ পৰা আৰম্ভ হৈছে অমাৱস্যা । ৩ অক্টোবৰৰ নিশা ১২:১৮ বজাত ইয়াৰ অন্ত পৰিব । এনে পৰিস্থিতিত আজি ২ অক্টোবৰ বুধবাৰে সৰ্বপিতৃ অমৱস্যা উদযাপন কৰা হৈছে ।

এইদৰে পূৰ্বপুৰুষক তৰ্পন কৰিব পাৰে: ৰাতিপুৱা সোনকালে উঠি স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি সূৰ্য দেৱতাক পানী আগবঢ়াওক । এই সময়ত পূৰ্বপুৰুষক ধ্যান কৰক । পানী আগবঢ়াওঁতে মুখখন দক্ষিণ দিশলৈ ৰাখক । হাতত কুশ আৰু ক’লা তিল লৈ তৰ্পন আগবঢ়াওক । বাৰ্লিও ব্যৱহাৰ কৰিব পাৰি । পূৰ্বপুৰুষৰ শান্তিৰ বাবে শাস্ত্ৰত উল্লেখ কৰা মন্ত্ৰ জপ কৰক । এনে কৰিলে পূৰ্বপুৰুষসকল সুখী হ’ব আৰু আজি অমাৱস্যাৰ দিনা সকলো পূৰ্বপুৰুষে নিজৰ বংশধৰক আশীৰ্বাদ দি পূৰ্বপুৰুষৰ স্ব-স্থানলৈ উভতি যাব ।

লগতে পঢ়ক:কি হয় পিতৃপক্ষ ? এই সময়ছোৱাত কি কৰিলে সন্তুষ্ট হ’ব পূৰ্বপুৰুষ - Pitru Paksha 2024

ABOUT THE AUTHOR

...view details