নেশ্যনেল ডেস্ক, 19 মে’:বিপদে পিছ এৰা নাই আপ আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ সুৰা নীতি কেলেংকাৰীত নাম সাঙোৰ খোৱা কেজৰিৱালে ইতিমধ্যে 1 জুনলৈকে লাভ কৰিছে অন্তৱৰ্তীকালীন জামিন ৷ পিছে পুনৰ এবাৰ দিল্লী আৰক্ষী তদন্তৰ খাতিৰত উপস্থিত হ’ল মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত ৷
এইবাৰ পিছে প্ৰসংগটো কিছু বেলেগ ৷ কিছুদিন পূৰ্বে আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল ৷ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত ব্যক্তি বিভৱ কুমাৰক তলব কৰে । এই ঘটনাৰ তদন্তৰ অংশ হিচাপে দিল্লী আৰক্ষী দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় ৷
আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা এটা বন্ধ বাকচ লগত নিয়ে ৷ পিছে বৰ্তমানলৈকে আৰক্ষীৰ দলটোৰ হাতত পৰা নাই মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সকলো চিচিটিভি ফুটেজ ৷ মুঠতে আৰক্ষীয়ে ঘটনাটোৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালকৈ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে সকলো প্ৰকাৰৰ তথ্য-প্ৰমাণ ৷
উল্লেখ্য যে, ইতিমধ্যে ভূক্তভোগী সাংসদ স্বাতী মালিৱালৰ এজাহাৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে বিভৱ কুমাৰক ৷
ইফালে ভূক্তভোগী স্বাতী মালিৱালক ঘটনাটোৰ সন্দৰ্ভত শনিবাৰে নিশা প্ৰায় 9.30 বজাত হাজিৰ কৰোৱা হয় তিছ হাজাৰী আদালতৰ দণ্ডাধীশৰ সন্মুখত ৷ আদালতত নিশা কিছু দেৰিলৈকে এই বিষয়ত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হয় ৷ দিল্লী আৰক্ষীয়ে আদালতত বিভৱ কুমাৰৰ বিৰুদ্ধে ঘটনাৰ সকলো প্ৰমাণ নষ্ট কৰাৰ অভিযোগ দাখিল কৰে যদিও কুমাৰৰ অধিবক্তাই ইয়াক ষড়ষন্ত্ৰ বুলিহে দাবী উত্থাপন কৰে ৷