নেশ্যনেল ডেস্ক,২২ আগষ্ট :সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ বৃহৎ অভিযান । চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত দিল্লীৰ আৰক্ষীৰ বিশেষ কোষে ঝাৰখণ্ড, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ আৰক্ষী বাহিনীৰ সহযোগত বিভিন্ন স্থানত অভিযান চলাইছে । এই অভিযানত দলটোৱে সন্ত্ৰাসবাদী সংগঠন আল কায়দা ইণ্ডিয়ান কোপেষ্টিয়েলৰ স্লিপাৰ চেল উৎখাত কৰিবলৈ সক্ষম হয় । অভিযানৰ সময়ত বিশেষ কোষে ৰাজস্থান, ঝাৰখণ্ড আৰু অন্যান্য ৰাজ্যৰ পৰা প্ৰায় ৮ গৰাকী সন্দেহজনক লোকক আটক কৰে । এই স্লিপাৰ চেলটোৰ নেতৃত্ব দিছিল ৰাঁচীৰ ড৹ ইশতিয়াকে । তেওঁ খিলাফত ঘোষণা কৰাৰ লগতে দেশৰ ভিতৰত গুৰুতৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ আঁৰত আছিল বুলি জানিব পৰা গৈছে ।
দিল্লী আৰক্ষীৰ অভিযান
দিল্লী আৰক্ষীৰ মুখপাত্ৰ সুমন নলৱাই জনোৱা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলা এক অভিযানৰ সময়ত এইটো প্ৰকাশ পাইছে যে ৰাঁচীৰ পৰা কাম কৰি থকা স্লিপাৰ চেলটো বৰ্তমান ড৹ ইশতিয়াকৰ নেতৃত্বত আছিল । বিশেষ কোষৰ দ্বাৰা পৰিচালিত এই চোৰাংচোৱা-আধাৰিত অভিযানত পোহৰলৈ আহিছে যে মডিউলটোৰ সদস্যসকলক প্ৰস্তুত কৰিবলৈ আৰু অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিবলৈ বিভিন্ন স্থানত প্ৰশিক্ষণ দিয়া হৈছে ।