অসম

assam

ETV Bharat / bharat

মেষ আৰু মীন ৰাশিৰ লোকে এৰাই চলক বৌদ্ধিক আলোচনা, নহ’লে সম্পৰ্কত আহিব তিক্ততা ! কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - daily horoscope for 9th july

Daily horoscope: আজিৰ দিনটোত ব্যয় বাঢ়িব এই ৰাশিৰ লোকৰ...কিন্তু পোছাক-গহনা, গাড়ীৰে ভৰি পৰিব ঘৰ...দিনটো কেনে হ’ব জানিবলৈ পঢ়ক আজিৰ দিনটোৰ ৰাশিফল ৷

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 12:55 AM IST

daily horoscope for 9th july
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি : আজিৰ দিনটো সতৰ্ক হৈ থাকক । বন্ধু আৰু ওচৰ চুবুৰীয়াৰ সৈতে কোনো বৌদ্ধিক আলোচনা হ’ব পাৰে, কিন্তু সেয়া বিবাদলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে, গতিকে আঁতৰি থাকক । ভিন্ন চিন্তাই আপোনাক আৱৰি থাকিব পাৰে ৷ নিশা টোপনি নহাৰ লগতে মানসিক আৰু শাৰীৰিক স্থিতি অস্থিৰ হৈ থাকিব পাৰে । যাত্ৰাৰ পৰিকল্পনা যদি কৰিছে তেন্তে পিছুৱাই দিয়া উচিত । যোগাসন আৰু ধ্যান সাধনাৰে স্থিৰ অনুভৱ কৰিব ।

বৃষ ৰাশি :আপোনাৰ সংবেদনশীলতা আজি আবেগৰ দ্বাৰা পৰিচালিত হোৱাৰ সম্ভাৱনা আছে । দিনটোৰ কামসমূহ সময়মতে পূৰণ কৰি শান্তিৰে পাৰ কৰিব পাৰিব । ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব । আৰ্থিক লাভৰ যোগ । দিনটোৰ মাজভাগলৈ আপোনাৰ গ্ৰহসমূহ নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ আশংকা, যাৰ ফলত আশা কৰাতকৈ অধিক ব্যয় হ’ব ।

মিথুন ৰাশি : কিবা এটা অস্থিৰ অনুভৱে আমনি কৰিব ৷ মনটো অসন্তুষ্ট আৰু নিৰাশ হৈ থাকিব পাৰে । আজি শৰীৰ সুস্থ হৈ নাথাকিব আৰু ঘৰুৱা পৰিৱেশো শান্ত হৈ নাথাকিব যেন অনুমান হয় । শিক্ষাৰ্থীসকলে পঢ়াত মনোনিৱেশ কৰাত সমস্যাৰ সন্মুখীন হ’ব পাৰে । দিনটোৰ মাজভাগৰ পৰা পৰিস্থিতি উন্নত হ’ব । আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীতকৈ আগবাঢ়ি থকাৰ সম্ভাৱনা আছে । বন্ধুবৰ্গক লগ কৰা আৰু বাহিৰলৈ ফুৰিবলৈ যোৱাৰ বাবে সন্ধিয়াটো উপযুক্ত সময় । যিকোনো কথাতে ইতিবাচক মনোভাৱ ৰাখক ।

ককৰ্ট ৰাশি : দিনটোৰ প্ৰথমভাগত আপুনি সতেজ আৰু উৎসাহিত অনুভৱ কৰিব । ভ্ৰমণ বা পিকনিকৰ পৰিকল্পনাই আপোনাৰ দিনটো অধিক আনন্দদায়ক কৰি তুলিব । দিনটোৰ দ্বিতীয়ভাগলৈ পৰিস্থিতি সলনি হ’ব পাৰে । অধিক আৱেগিক হৈ পৰাৰ সম্ভাৱনা আছে; সাৱধান হওক । দিনটোৰ পিচৰ ভাগত হতাশা আৰু ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । অবৈধ আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ।

সিংহ ৰাশি : এটা অতি নিস্তেজতাপূৰ্ণ দিন, তথাপিও ধৈৰ্য ধৰক ৷ দিনটোৰ দ্বিতীয়ভাগলৈ পৰিস্থিতি উন্নত হ’ব । যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কিয়নো দিনটো তাৰ বাবে উপযুক্ত নহয় । কথা কোৱাৰ আগতে ভাবি চাওক আৰু বিবাদৰ পৰা আঁতৰি থাকক, বিশেষকে আত্মীয় আৰু ওচৰ চুবুৰীয়াৰ লগত এই ক্ষেত্ৰত সাৱধান হওক । ঘৰুৱা খৰচ বৃদ্ধি পাব পাৰে । বন্ধুবৰ্গ আৰু সম্পৰ্কীয় লোকৰ সৈতে একেলগ হৈ আপোনাৰ দিনটো পাৰ কৰক ।

কন্যা ৰাশি : মজলীয়াভাৱে দিনটো আপোনাৰ বাবে আৰামদায়ক হ’ব । মানসিক আৰু শাৰীৰিকভাৱে সুস্থিৰ অনুভৱ কৰিব । ব্যক্তিগত আৰু পেচাদাৰী ক্ষেত্ৰত পৰিস্থিতি শান্ত আৰু আপোনাৰ পক্ষত থাকিব । দিনটোৰ পিচৰ ভাগত অলপ খেলিমেলি অনুভৱ কৰিব পাৰে । হয়তো আপুনি বিভ্ৰান্ত অনুভৱ কৰিব পাৰে; লগতে আইনগত সিদ্ধান্ত লওঁতেও অলপ বাধাৰ সন্মুখীন হ’ব পাৰে । সৰ্তক থাকক, আৰ্থিক আৰু সামাজিকভাৱে ক্ষতিৰ আশংকা আছে ।

তুলা ৰাশি :আপোনাৰ বাবে ৰৈ আছে এটা উজ্জ্বল আৰু সুন্দৰ দিন । ঘৰৰ সৌন্দৰ্যৰ ওপৰত গুৰুত্ব দিব যেন অনুমান হয়, ঘৰখনক অধিক ৰঙীণ আৰু আনন্দময় কৰি তোলাৰ প্ৰয়াস থাকিব আপোনাৰ । পৰিয়ালৰ লোকসকলৰ মন শান্ত হৈ থাকিব আপোনাক দেখি । কৰ্মস্থলীত জ্যেষ্ঠ কৰ্মকৰ্তাসকলে আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা আছে । বিবাহিত আৰু অভিভাৱকসকলৰ বাবে ভাল দিন, কিয়নো সন্তান আৰু সংগীৰ পৰা আজি সুখ লাভ কৰিব । সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব ৷

বৃশ্চিক ৰাশি :বৃশ্চিক ৰাশিৰ লোকসকল আজি সৌভাগ্যশীল হ’ব । দিনটোৰ অধিক সময়তে আৰ্থিক লাভ দেখা পোৱা গৈছে ৷ ভাল স্বাস্থ্য আৰু শান্তিপূৰ্ণ মনেৰে আজি আপুনি বিস্ময়কৰ কাম কৰিব । আপোনাৰ সকলো কাম সফলতাৰে সম্পূৰ্ণ হ’ব আৰু আপুনি সময়সীমা পূৰণ কৰিব পাৰিব । পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ’ব আৰু মাতৃৰ লগত সম্পৰ্ক অতি উন্নত হ’ব । দূৰত থকা ভাতৃ-ভগ্নীৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা । বৈবাহিক আনন্দ লাভৰো যোগ ।

ধনু ৰাশি :আজি ৰাতিপুৱাটো আনদিনাৰ দৰে প্ৰাণৱন্ত নহ’বও পাৰে । শাৰীৰিক অসুস্থতা আৰু সংবেদনশীল মনে আপোনাক হতাশ কৰিব পাৰে । গান শুনি মনটো উৎফুল্লিত কৰিবলৈ চেষ্টা কৰক । নিৰাশাবাদী চিন্তাক দূৰত ৰাখক । আৰ্থিক নাটনি হ’ব পাৰে, কিন্তু মাত্ৰ দুপৰীয়ালৈকেহে । দুপৰীয়াৰ পিচত পৰিস্থিতি যথেষ্ঠ সলনি হ’ব । অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে । ব্যৱসায়ীৰ বাবে লাভজনক সময় । বন্ধুবৰ্গৰ লগত আনন্দময় আবেলি উপভোগ কৰক ।

মকৰ ৰাশি : পৰিয়াল, প্ৰিয়জন বা বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনাৰে দিনটোৰ আৰম্ভণি কৰিব পাৰে । অত্যাধিক ব্যয় কৰাৰ পৰা বিৰত থাকক । দিনটোৰ শেষৰ ভাগত আৰ্থিক নাটনিৰ সম্ভাৱনা আছে । দুপৰীয়াৰ পিচত আপুনি চিন্তিত হৈ পৰিব পাৰে ।

কুম্ভ ৰাশি :সুস্বাস্থ্যৰ গৰাকী আৰু সুখী হৈ থাকিব । দিনটো উপভোগ কৰক ৷ আপোনাৰ ইচ্ছাৰে আপুনি পোছাক আৰু গহনা আদিত অধিক ব্যয় কৰাৰ যোগ । অন্যবস্তু কিনিবৰ বাবেও ভাল দিন । গাড়ী বা দুচকীয়া বাহন লাভৰ সম্ভাৱনা আছে । ব্যৱসায়ত লাভ কৰাৰ লগতে খ্যাতি আৰু মান্যতাও বৃদ্ধি পাব । বন্ধুবৰ্গৰ লগত পিকনিকলৈ যোৱাৰ সম্ভাৱনা আছে ৷

মীন ৰাশি : মীন ৰাশিৰ লোকসকলৰ বাবে এটা সাধাৰণ দিন । সাংস্কৃতিক আকৰ্ষণসমূহৰ পৰা দূৰত থকা উচিত ৷ বৌদ্ধিক কথোপকথনৰ পৰাও আঁতৰি থাকিব, কিয়নো বিবাদ হোৱাৰ সম্ভাৱনা আছে ৷ নতুন কাম আজি হাতত নল’ব ৷ দিনটোৰ দ্বিতীয় ভাগলৈ সময় অনুকূল হ’ব । মানসিক আৰু শাৰীৰিকভাৱে সুস্থিৰ হৈ থাকিব । নিজকে প্ৰমাণ কৰিবৰ বাবে সঠিক সময় ৷ আপোনাৰ কামৰ বাবে প্ৰতিদ্বন্দ্বী কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব, কিন্তু জয়ৰ দিশে আপুনিয়ে আগবাঢ়ি আছে ৷

লগতে পঢ়ক:এই সপ্তাহত বহুকেইটা ৰাশিৰ কৰ্ম-ব্যৱসায়ত উন্নতি লাভ...গভীৰ হ’ব প্ৰেমৰ সম্পৰ্ক...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ABOUT THE AUTHOR

...view details