মেষ ৰাশি :দিনটো আপুনি সুখী আৰু পৰিপূৰ্ণ অনুভৱ কৰিব । সুখী মনেৰে আপুনি ঘৰৰ পৰিৱেশো আনন্দময় কৰি ৰাখিব । গৃহসজ্জা আৰু ঘৰৰ আভ্যন্তৰীণ সালসলনি কৰিব পাৰে । আপোনাৰ সপোনৰ গাড়ীখন লাভ কৰাৰ সম্ভাৱনা আছে । কৰ্মস্থলীতো সকলো আশাব্যঞ্জক হ’ব । কোনো সামাজিক অনুষ্ঠানলৈ যোৱাৰ পৰিকল্পনা হ’ব পাৰে ।
বৃষ ৰাশি : দিনটো আপুনি ব্যৱসায় বঢ়াবৰ বাবে পৰিকল্পনাত ব্যস্ত থাকিব । আপোনাৰ উদ্ভাৱনী ধাৰণা আৰু উন্নত প্ৰযুক্তিয়ে আপোনাৰ ব্যৱসায়ক আশা কৰা ধৰণে আগবঢ়াই নিব । তথাপিও, সকলো ঠিকে ঠাকে যাবলৈ অলপ সময়ৰ প্ৰয়োজন হ’ব । ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব লগা হ’ব পাৰে । কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ কামৰ দ্বাৰা প্ৰভাৱিত হ’ব; পদোন্নতিৰ আশা কৰিব পাৰে । পিতৃ তথা বয়োজ্যেষ্ঠসকলৰ পৰা উপকৃত হ’ব ।
মিথুন ৰাশি :বিভিন্ন ঘটনাৰে পৰিপূৰ্ণ এটা দিন । নেতিবাচক চিন্তাধাৰা এৰাই চলক, নহ’লে নিৰাশ আৰু উদাস হৈ পৰিব ৷ অনৈতিক কামে আপোনাক বিপদত পেলাব পাৰে । আপুনি খোৱা-লোৱাৰ প্ৰতি সচেতন হওক, অস্বাস্থ্যকৰ খাদ্যই বোমাৰত পেলাব পাৰে । পিছবেলালৈ পৰিস্থিতি ভাললৈ আহিব । নতুন স্কীম আৰু প্ৰজেক্টৰ বাবে ব্যৱসায় উন্নত হ’ব পাৰে । জ্যেষ্ঠকৰ্মীৰ লগত বিবাদ এৰাই চলক । শিল্প আৰু সাহিত্যৰ প্ৰতি সৃজনশীল আকৰ্ষণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আপোনাৰ সৃজনশীলতাক বৃদ্ধি হ’বলৈ দিয়ক ।
ককৰ্ট ৰাশি :কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে; ই অতি শক্তিশালী বান্ধোন হৈ পৰাৰ সম্ভাৱনা আছে । বন্ধুবৰ্গৰ লগত সময় কটাওক, আনন্দৰে সময় উপভোগ কৰক । চিনেমা বা খেলৰ দৰে কোনো বিনোদন কাৰ্যই আপোনাৰ আনন্দক অধিক কৰি তুলিব পাৰে । সন্ধিয়ালৈ আপোনাৰ মন সলনি হ’ব পাৰে, ক্ৰোধ নিয়ন্ত্ৰিত কৰি ৰাখক । নতুন কাম আৰম্ভ কৰিবৰ বাবে ভাল দিন নহয় । দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, সাৱধানতাৰে গাড়ী চলাওক ।
সিংহ ৰাশি : ব্যৱসায় বিস্তাৰৰ বাবে সঠিক দিন । ব্যৱসায়ীত আপোনাৰ টীম, বিশেষভাৱে আপোনাৰ কনিষ্ঠ আৰু অধিনস্থসকলে লাভ কৰোৱাৰ সম্ভাৱনা আছে । বিনিয়োগৰ মাধ্যমেৰে আৰ্থিক লাভ কৰিব পাৰিব । আৰ্থিক সংকটত ই আপোনাৰ সহায় কৰিব । নিকটৱৰ্তী বন্ধুৰ লগত ফুৰিবলৈ যাওক, বজাৰ কৰক, খাওক আৰু আনন্দ কৰক ।
কন্যা ৰাশি : নতুন আৰু ষ্টাইলিছ পোছক ক্ৰয় কৰিবলৈ আপুনি উৎসাহিত অনুভৱ কৰিব । শিল্পজাত সম্পদ আৰু কলাকৃষ্টি সৃষ্টিৰ প্ৰতি মনোযোগ আহিব ৷ ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ’ব । কৰ্মস্থলীত প্ৰতিদ্বন্দ্বীসকলতকৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি আপুনি সুখী হ’ব । এটা অতি সুন্দৰ দিন অতিবাহিত হ’ব ।
তুলা ৰাশি :এটা সাধাৰণ দিন । পৰিয়ালৰ লগত সৰু সৰু বিবাদ এৰাই চলক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে । সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে সতৰ্ক হৈ থাকিব । কোনো সৃষ্টিমূলক কামত জড়িত হ’ব পাৰে । শিক্ষাৰ্থীসকলে এটা ফলদায়ক সময় উপভোগ কৰিব ।
বৃশ্চিক ৰাশি :সকলো উত্তৰহীন প্ৰশ্নৰ সমাধান লাভ কৰিব । আপোনাৰ ব্যক্তিগত জীৱনেই হওক বা সম্পত্তি সম্বন্ধীয় বিষয়েই হওক, আপুনি সকলো কথাই সমাধান কৰিব পাৰিব বুলি অনুমান হয় । ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক শ্ৰেষ্ঠতম হ’ব । দিনটোৰ দ্বিতীয় ভাগলৈ আপুনি বিৰক্তি অনুভৱ কৰিব । পৰিয়ালৰ লোকৰ মাজত ব্যৱধান বৃদ্ধি পাব আৰু ব্যয় হ’ব । সমাজত আপোনাৰ চৰিত্ৰত কালিমা সানিব পৰা কামৰ পৰা বিৰত থাকক ।
ধনু ৰাশি : আপোনাৰ খং নিয়ন্ত্ৰণ কৰক আৰু কথা কওতে সাৱধানে ক’ব, বহুতো পৰস্থিতিৰ পৰা বাচি থাকিব পাৰিব । নিজকে ধৰ্মীয় কাৰ্যত লিপ্ত কৰাওক আৰু শান্ত কৰিবৰ বাবে ধ্যান সাধনা কৰক । শিক্ষাৰ্থীসকলে একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰিবৰ বাবে যত্ন কৰিব লাগিব । সন্ধিয়া সময়ত নিজৰ চিন্তা দূৰ কৰিবৰ বাবে বিভিন্ন উপায় বিচাৰি উলিয়াব, যি আপোনাৰ মনটো শান্ত কৰিব । আপোনাৰ প্ৰতিদ্বন্দ্বী আৰু বিৰোধীসকলৰ বিষয়ে চিন্তা নকৰিব । শান্তিময় সন্ধিয়া উপভোগ কৰক ।
মকৰ ৰাশি : নতুন প্ৰজেক্ট আৰম্ভ কৰিবৰ বাবে এটা উপযুক্ত দিন । আপুনি আপোনাৰ কৰ্মস্থলীত এটা ভাল ছাপ বহাব পাৰিব । ঘৰুৱা পৰিস্থিতি অলপ চিন্তনীয় হৈ থাকিব পাৰে, ধ্যান সাধনা কৰক; ই আপোনাৰ অশান্ত মনলৈ স্থিৰতা আনিব ৷ দিনটোৰ পিছভাগলৈ, অলপ নেতিবাচক মনোভাৱে আপোনাৰ মন আচন্ন কৰি ৰাখিব পাৰে । সিদ্ধান্ত লোৱা ক্ষমতাত প্ৰভাৱ পেলাব পাৰে । ব্যক্তিগত খৰচৰ বাবে ধন ব্যয় কৰিব পাৰে । সুবিধা পালে, আপোনাৰ কষ্টোপাৰ্জিত ধন শ্বেয়াৰ বা সম্পত্তিত বিনিয়োগ কৰক ।
কুম্ভ ৰাশি : আজি আপুনি ধাৰ্মিক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । ফলস্বৰূপে, আপুনি নিজকে ধৰ্মীয় কাম কাজত ব্যস্ত কৰিও ৰাখিব পাৰে । আপুনি ধৰ্মীয় যাত্ৰাত যথেষ্ট পৰিমাণে ব্যয় কৰিব পাৰে । আইনী বিষয়বস্তু নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে । পিছবেলালৈ আপুনি লোৱা সকলো কামতে সফলতা লাভ কৰিব । স্বাস্থ্য ভালে থাকিব । পৰিয়ালৰ লগত সময় কটাওক ।
মীন ৰাশি : শ্বেয়াৰ আদিত কৰা নিবেশৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা । কামত অগ্ৰগতি লাভ কৰিব আৰু উপকৃত হ’ব । ঘৰুৱা পৰিৱেশো শান্ত হৈ থাকিব । বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক । সন্ধিয়ালৈ উদ্বিগ্নতা অনুভৱ হ’ব পাৰে, অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে । ধৰ্মীয় কাৰ্যকলাপ, ৰীতি-নীতি আদিতো ব্যয় হ’ব পাৰে । সতৰ্কতাৰে চলক ।
লগতে পঢ়ক :ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - WEEKLY HOROSCOPE