মেষ ৰাশি:আপুনি লুকুৱাই ৰখা দুখ বোৰে আজি আপোনাক অসুবিধাত পেলাব পাৰে ৷ নিজৰ যত্ন লওক, মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ পিতৃ মাতৃৰ শৰীৰৰ বাবে চিন্তাত পৰিব পাৰে ৷ বাহন লাহে লাহে চলাব আৰু পানীৰ পৰা অলপ আঁতৰত থাকিব ৷ আপোনাৰ কামত সফলতা পোৱাৰ উপযুক্ত সময় ৷
বৃষ ৰাশি:আজি সম্পূৰ্ণ দিনটো আপুনি বহুত সহজ বা পাতল অনুভৱ কৰিব, আপোনাৰ এনে ভাব আহিব যেন আপোনাৰ আশাবোৰ আজিয়েই পূৰণ হ’ব ৷ প্ৰেমৰ জীৱন সুখৰ হ’ব ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক মজবুত হ’ব ৷ আজি আপুনি পৰিয়ালৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে৷ আপোনাৰ মাতৃৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে ৷
মিথুন ৰাশি: এটা অতি গতানুগতিক আৰু গতিহীন দিন ৷ সেয়েহে আপোনাৰ কাম শেষ হওঁতে পলম হ’ব ৷ কামৰ ফল লাভতো পলম হোৱাৰ সম্ভাৱনা আছে ৷ ধনৰ দিশটো ভাল ফল লাভৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মী শুভেচ্ছা আৰু সহযোগিতা লাভ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনক লগ কৰিবলৈ যাব পাৰে ৷
কৰ্কট ৰাশি: গণেশৰ কৃপাত এটা সৌভাগ্যপূৰ্ণ দিন ৷ ঘৰুৱা আৰু আন ক্ষেত্ৰত আপুনি কৰা কষ্টৰ ফল লাভ কৰিব৷ নিজৰ ওপৰত বিশ্বাসেৰে আপুনি আপোনাৰ কামত উন্নতি লাভ কৰিব৷ বন্ধু আৰু প্ৰিয়জনৰ লগত সময় কটাব পাৰে৷ ভ্ৰমণৰ পৰিকল্পনা সফল হ’ব ৷ আপোনাৰ সামাজিক আৰু কাব্যিক প্ৰতিভা আজি বিকাশ হ’ব ৷ কবিতা লিখা আৰম্ভ কৰিছেনে ? সুন্দৰ খাদ্য উপভোগ কৰক ৷ ধনৰ দিশত ভাল ফলদায়ক দিন ৷
সিংহ ৰাশি: আজি দিনটোৱে আপোনাক দুখী কৰি তুলিব ৷ আপোনাৰ দুখৰ ওপৰত আপোনাৰ কাবু হেৰাই যাব ৷ মানুহৰ কথাত বেছি মন নিদিব ৷ অধিক তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব, কিন্তু তাৰ বাবে আপুনি কাকো দোষাৰূপ কৰিব নোৱাৰিব ৷ কিয়নো আপোনাৰ কামৰ বাবে আপুনিয়েই উত্তৰদায়ী ৷ ধ্যান আৰু উশাহৰ ব্যায়াম কৰি মনক শান্ত কৰিব পাৰিব ৷
কন্যা ৰাশি:অতি শুভ দিন ৷ আজি আপুনি আপোনাৰ প্ৰিয়জনক প্ৰেম নিবেদন কৰিব পাৰে আৰু সফলতা পাব ৷ বিভিন্ন কামত সফলতা পাব, গতিকে অসাধাৰণ কামত পিচহুহকি নৰব ৷ পৰিয়াল বা বন্ধুৰ লগত ভ্ৰমনৰ আনন্দ ল’ব পাৰিব ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷ মহিলা বন্ধুসকল আপোনাৰ বাবে লাভজনক হ’ব ৷ সুখী থাকক আৰু দিনটো উপভোগ কৰক ৷