ETV Bharat / state

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্ত বিশাল ফুকনক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - Online Trading Scam

author img

By ETV Bharat Assamese Team

Published : 24 hours ago

Bishal Phukan in Jail: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযুক্ত বিশাল ফুকনক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷ পুনৰ ৫ দিনৰ বাবে জিম্মাত বিচাৰি আবেদন ডিব্ৰুগড় আৰক্ষীৰ ৷ ইফালে আজিও পলাতক চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা ৷

Bishal Phukan in Jail
বিশাল ফুকনক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ (ETV Bharat Assam)

ডিব্ৰুগড়, ১৮ ছেপ্টেম্বৰ : ২২ বছৰীয়া বিশাল ফুকন অনলাইন ট্ৰেডিঙৰ কোটি কোটি টকাৰ প্ৰৱঞ্চনাত অভিযুক্ত হোৱা ঘটনাই ৰাজ্য জোকাৰি গৈছে । অনলাইন ট্ৰেডিং কৰি ২২ বছৰ বয়সতে কোটিপতি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল বিশাল ফুকনৰ বিৰুদ্ধে ৷ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযুক্ত হোৱাৰ পিচতে যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল ।

বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 316 আৰু 318 BNS ধাৰাত 21/23 অনিয়ন্ত্ৰিত জমা আঁচনি আইন নিষিদ্ধ আইনৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । যোৱা ৭ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা বিশাল ফুকনক বুধবাৰে পুনৰ আদালতত হাজিৰ কৰোৱায় আৰক্ষীয়ে ।

বুধবাৰে আদালতত হাজিৰ কৰোৱাই অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি থকা প্ৰৱঞ্চনাৰ অভিযুক্ত বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ পাঁচদিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আবেদন কৰিছিল । কিন্তু বিশাল ফুকনৰ অধিবক্তাই আৰক্ষীৰ আবেদন গ্ৰহণ নকৰিবলৈ আবেদন জনোৱাত আদালতে দুয়োখন আবেদন বিবেচনাৰ বাবে গ্ৰহণ কৰি বিশাল ফুকনক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষী আৰু বিশাল ফুকনৰ অধিবক্তাৰ দুয়োখন আবেদন বিবেচনা কৰিব ডিব্ৰুগড়ৰ সত্ৰ ন্যায়ধীশ আদালতে ।

উল্লেখ্য যে কি কি কাৰণত বিশাল ফুকনক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছে তাৰ সবল তথ্য আদালতত দাখিল কৰিব পাৰিলে পুনৰ বিশাল ফুকন আৰক্ষীৰ জিম্মাত থাকিব লাগিব ।

কিয় পুনৰ বিশাল ফুকনক নিজৰ জিম্মাত বিচাৰিছে আৰক্ষীয়ে ?

বিশাল ফুকনক যোৱা ২ ছেপ্টেম্বৰত আটক কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লৈ ৭ ছেপ্টেম্বৰত ন্যায়িক জিম্মাত দিছিল । ইয়াৰ পিচতে গ্ৰেপ্তাৰ হৈছিল বিশালৰ সহযোগী হিচাপে অভিযুক্ত চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ লগতে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা ৷ চুমী-তাৰ্কিকক আৰক্ষীয়ে ৫ দিন আৰু অম্লানক ৩ দিন নিজৰ জিম্মাত লৈ মঙলবাৰে আদালতত হাজিৰ কৰোৱাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ চুমী-তাৰ্কিক আৰু অম্লাকক জেৰা কৰি লাভ কৰা তথ্যৰ সত্যতা প্ৰমাণ কৰিবলৈ আৰক্ষীয়ে বিশাল ফুকনক পুনৰ নিজৰ জিম্মাত ল'বলৈ আদালতত আবেদন জনাইছে । খবৰ অনুসৰি ৫ দিনৰ বাবে ন’হলেও কমদিনৰ বাবে বিশাল ফুকনক পুনৰ আৰক্ষীৰ জিম্মালৈ আদালতে প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে ৷

আজিও পলাতক চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা :

আনহাতে বিশাল ফুকনৰ মূল সহযোগী হিচাপে অভিযুক্ত চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা আজিও পলাতক হৈ আছে । বিশাল ফুকনক আটক কৰা দিনাৰ পৰাই আৰক্ষীয়ে সদৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যদিও আজিও হাজিৰ নহ’ল ৰাজীৱ বৰা । অভিযোগ অনুসৰি ৰাজীৱ বৰাই অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত বিশাল ফুকনৰ সৈতে পাৰ্চেলিয়া নামৰ এটা ঔষধ কোম্পানী আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশালৰ সৈতে একেলগে থাকিব চুমী-তাৰ্কিক-অম্লান

৩ দিনৰ আৰক্ষীৰ জিম্মাত তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা

লক্-আপৰ ফটো ভাইৰেল, বিপদত পৰাৰ দিশে ডিব্ৰুগড় আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.