ETV Bharat / bharat

লালু প্ৰসাদ যাদৱ, পুত্ৰ তেজস্বী যাদৱ আৰু তেজ প্ৰতাপ যাদৱলৈ আদালতৰ চমন - Land for job money laundering case

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 12:12 PM IST

Land For Job Scam: দিল্লীৰ ৰাউজ এভিনিউ আদালতে ভূমিৰ বিনিময়ত নিযুক্তি গোচৰ গোচৰত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ দুই পুত্ৰক চমন জাৰি কৰিছে । বুধবাৰে ইডিৰ পৰিপূৰক চাৰ্জশ্বীটৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ৰায় দিয়ে । ইডিৰ এই অভিযোগনামাত ১১ জন লোকক অভিযুক্ত কৰা হৈছিল, ইয়াৰে ৪ জনৰ মৃত্যু হৈছে ।

Land For Job Scam
লালু প্ৰসাদ যাদৱ, পুত্ৰ তেজস্বী যাদৱ আৰু তেজ প্ৰতাপ যাদৱলৈ আদালতৰ চমন (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ: ভূমিৰ বিনিময়ত নিযুক্তি গোচৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে দিল্লীৰ ৰাউছ এভিনিউ আদালতে চমন জাৰি কৰিছে । আদালতে অখিলেশ সিঙৰ লগতে তেওঁৰ পত্নী কিৰণ দেৱীলৈ চমন প্ৰেৰণ কৰিছে । আদালতে কয় যে, তেজপ্ৰতাপ যাদৱৰ জড়িততাও নুই কৰিব নোৱাৰি । তেওঁ এ কে ইনফ’ছিছ লিমিটেডৰ সঞ্চালকো আছিল । তেওঁকো তলব কৰা হৈছে । তেওঁক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । ৬ আগষ্টত বলবৎকাৰী সঞ্চালকালয়ে ১১জন অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল । ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: ভূমিৰ বিনিময়ত নিযুক্তি গোচৰ : পিতা-পুত্ৰৰ বিৰুদ্ধে জাল চপাই আনিছে ই ডিয়ে - Land For Job Scam

আজি আদালতে ইডিয়ে দাখিল কৰা প্ৰথমখন পৰিপূৰক অভিযোগনামাৰ সন্দৰ্ভত সজ্ঞান লোৱা বিষয়টোৰ ওপৰত ৰায়দান কৰে । ইয়াৰ পূৰ্বে ১৭ আগষ্টত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল । ইডিয়ে ৬ আগষ্টত প্ৰথমখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল । ইডিৰ অভিযোগনামাত ১১জন লোকক অভিযুক্ত কৰা হৈছে ।

এই অভিযোগনামাত প্ৰমাণ হিচাপে ৯৬খন নথি দাখিল কৰা হৈছে । দৰাচলতে ৬ জুলাইত আদালতে ইডিক অভিযোগনামা দাখিল কৰিবলৈ ৬ আগষ্টলৈকে সময় দিছিল । একে সময়তে ৬ জুলাইৰ শুনানিৰ সময়ত ইডিৰ যুটীয়া সঞ্চালকে এই বিষয়টো অতি স্পৰ্শকাতৰ বুলি কৈছিল । ইডিয়ে নিৰ্ধাৰিত সময়মতে চাৰ্জশ্বীট দাখিল কৰিব ৷ এই বিষয়ত এতিয়াও তদন্ত চলি আছে । তেতিয়া আদালতে কৈছিল যে গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ সময়সীমা থাকিব লাগে ।

লগতে পঢ়ক: ভূমিৰ বিনিময়ত চাকৰি; ৰাবড়ী দেৱীসহ লালুৰ আত্মীয়ৰ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ

উল্লেখ্য যে, যোৱা ৭ মাৰ্চত আদালতে ইডি গোচৰত ৰাবড়ী দেৱী, মিছা ভাৰতী, হেমা যাদৱ আৰু হৃদয়ানন্দ চৌধৰীক নিয়মীয়া জামিন মঞ্জুৰ কৰিছিল । এই গোচৰত আদালতে ২৭ জানুৱাৰীত ইডিয়ে দাখিল কৰা অভিযোগনামাখনৰ প্ৰতি লক্ষ্য ৰাখিছিল । ৯ জানুৱাৰীত ইডিয়ে এই গোচৰৰ প্ৰথম চাৰ্জশ্বীট দাখিল কৰিছিল । এই গোচৰত ইডিয়ে অমিত কাত্যলক গ্ৰেপ্তাৰ কৰিছিল ।

আনহাতে, ইডিৰ প্ৰথমটো গোচৰত চি বি আইয়ে গোচৰটো পঞ্জীয়ন কৰিছিল । অৱশ্যে চি বি আইৰ সৈতে জড়িত গোচৰটোত ২০২৩ চনৰ ৪ অক্টোবৰত আদালতে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, লালু প্ৰসাদ যাদৱ আৰু ৰাবড়ী দেৱীক জামিন প্ৰদান কৰিছিল । ২০২৩ চনৰ ২২ ছেপ্টেম্বৰত চি বি আইয়ে দাখিল কৰা দ্বিতীয়খন অভিযোগনামাৰ সন্দৰ্ভত আদালতে সজ্ঞান হৈছিল ।

লগতে পঢ়ক: 8 ঘণ্টাৰ জেৰাৰ অন্তত ইডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহিল তেজস্বী যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.