অসম

assam

ETV Bharat / bharat

এইসকল ৰাশিৰ লোকৰ বাবে দিনটো হ’ব সৌভাগ্যশালী...শিক্ষাৰ্থীসকলৰ বাবেও দিনটো হ’ব শুভ...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 19th August

Daily Horoscope: আজি মকৰ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 19th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 12:51 AM IST

মেষ ৰাশি: যাত্ৰাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ কোনো ব্যৱসায়িক সহযোগীক ধাৰলৈ দিয়া ধন আজি লাভ কৰিব ৷ আপোনাৰ বৰ্ধিত ব্যৱসায়ত ধন বিনিয়োগৰ প্ৰয়োজন আছে ৷ শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত বিনিয়োগ কৰি লাভান্বিত হ’ব পাৰে ৷ আপোনাৰ সংগীৰ স্বাস্থ্যৰ বাবে আপুনি চিন্তাত পৰিব পাৰে ৷

বৃষ ৰাশি:এটা অতি বিভ্ৰান্তিকৰ দিন ৷ কোনো মুহূৰ্তত যদি সন্তানৰ শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিছে, পিছ মুহূৰ্ততে কৰ্মক্ষেত্ৰৰ কোনো ঈৰ্ষান্বিত প্ৰতিদ্বন্দ্বীৰ বাবে বিৰক্তি অনুভৱ কৰিব ৷ তৰ্কত লিপ্ত হ’ব পাৰে ৷ শান্ত হওক ৷ কোনো মধুৰ সংগীত শুনক ৷ সূৰ্যাস্তৰ সময়ত সকলো ঠিক হৈ পৰিব আৰু ব্যৱসায়ৰ লগতে গাৰ্হস্থ্য জীৱনত সুখ লাভ কৰিব ৷

মিথুন ৰাশি:শান্ত হৈ থাকক; নেতিবাচক, নিৰাশাবাদী চিন্তাধাৰাৰ পৰা আঁতৰত থাকক ৷ কাম বা চাপ যুক্ত যাত্ৰাৰ পৰা বিৰতি লওক আৰু স্বাস্থ্যৰ যত্ন লওক ৷ আপোনাৰ শৰীৰক পুষ্টিৰ যোগান ধৰাটো আপোনাৰ কৰ্তব্য ৷ অন্যথা অসুস্থতা, অমনোযোগিতা, অসাৱধানতাৰ বাবে দুৰ্ঘটনা, অনিদ্ৰা আদিৰ শংকা থাকিব ৷ ব্যয় বৃদ্ধি পাব পাৰে, সতৰ্ক হওক ৷ আবেলি, নিজকে অধ্যয়ন, সৃজনশীল কাৰ্য, প্ৰসাধন আদিত ব্যস্ত থাকক ৷ সাধাৰণ কথাত, চাপ মুক্ত হওক আৰু আনন্দ লাভ কৰক ৷ কনিষ্ঠসকলৰ অপ্ৰত্যাশিত প্ৰশ্নই অপোনাক বিৰক্ত কৰিব পাৰে ৷

কৰ্কট ৰাশি:সুস্বাদ্যু আহাৰ, উদ্‍যাপন, সুন্দৰ সজ্জা বা কোনো সাংস্কৃতিক বিষয়ত আপুনি নিজকে সম্পূৰ্ণ দিন ব্যস্ত ৰাখিব ৷ আপুনি আনন্দ উপভোগ কৰিব ৷ নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব, তথাপিও এই ক্ষেত্ৰত গুৰুত্ব দিয়ক ৷ আপোনাৰ মনত ভ্ৰমণৰ বিবেচনা থাকিব পাৰে ৷

সিংহ ৰাশি:আপোনাৰ ব্যৱসায় বা সহযোগীসকলৰ বৃত্ত সম্প্ৰসাৰণ কৰিবৰ বাবে বিবেচনা কৰিব পাৰে ৷ ধন অৰ্জনৰ বাবে সৌভাগ্যশালী সময় ৷ আজি ব্যয় কৰা ধনৰ উপযুক্তভাৱে ব্যয় হ’ব আৰু আপুনি আনন্দিত অনুভৱ কৰিব ৷ নতুন কোনো কাম কৰাৰ পৰা বিৰত থাকক; কোনো বিবাদ বা আইনী যুদ্ধৰ পৰা বিৰত থাকক ৷ অংশীদাৰ বা ব্যৱসায়িক সহযোগীৰ পৰা বিভক্ত অনুভৱ কৰিব পাৰে বা বিনিয়োগ সংক্ৰান্তীয় কোনো অনিশ্চিত সমস্যা, মূলধন বা নতুন প্ৰকল্প সম্পৰ্কে কোনো সমস্যাৰ উদ্ভৱ হ’ব পাৰে ৷

কন্যা ৰাশি: কোনো বাধা নথকাকৈ এটা সম্পূৰ্ণভাৱে শান্ত আৰু স্থিৰ দিন ৷ আপুনি নিজৰ বাবে বা কোনো সম্পৰ্কীয় লোকৰ বিয়াৰ বাবে বজাৰ কৰিবলৈ যাব পাৰে ৷ সুখী অনুভৱ কৰিব ৷ সহজেই ধন অৰ্জন কৰিব, ব্যৱসায়ৰ বাবেও অতি ফলদায়ক দিন ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা পোৱা সহযোগিতাই কাম অধিক সহজ কৰি তুলিব ৷ পৰিয়াল বা সম্পৰ্কৰ দিশটো সকলো ভালে থাকিব ৷ স্বাস্থ্যও সুখী আৰু আৰমদায়ী হৈ থাকিব ৷

তুলা ৰাশি:ক্লান্তি আৰু মানসিক শান্তিৰ বাবে আজিৰ দিনটো কঠিন হ’ব পাৰে ৷ দীৰ্ঘদিনৰ পৰা সাঁচি ৰখা ধনে আপোনাক সহায় কৰিব ৷ সামাজিক জীৱনত, আপুনি গম নোপোৱাকৈয়ে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷ দুপৰীয়ালৈকে সকলো ঠিক হৈ যাব ৷ শিল্প আৰু সৃজনশীল কামত নিজকে জড়িত কৰি ৰাখক ৷ সংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷

বৃশ্চিক ৰাশি:বহুদিনীয়া কোৰ্ট-কাচাৰী বা সম্পত্তিৰ বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷ সকলো স্পষ্ট হ’ব আৰু সমাপ্ত হ’ব যেন অনুমান হয় ৷ ঘৰত চলি থকা বিৰক্তিকৰ সমস্যা দূৰ হ’ব ৷ সকলো ব্যৱসায়ৰ বাবে এটা শুভ দিন ৷ প্ৰতিদ্বন্দ্বীৰ ওপৰত জয় সাব্যস্ত কৰিব পাৰে ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত ইতিবাচক সম্পৰ্ক স্থাপন কৰে ৷ দিনটোৰ অন্তিমভাগত, কোনো অপ্ৰীতিকৰ ঘটনাৰ বাবে আপুনি আঘাত অনুভৱ কৰিব পাৰে, ধনৰ ক্ষতি হ’ব পাৰে ৷ সচেতন হওক ৷ স্বাস্থ্যৰ যত্ন লওক!

ধনু ৰাশি:শিক্ষাৰ্থী, শিক্ষাবিদ আৰু পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাসকলৰ বাবে উপযোগী দিন ৷ আপোনাৰ সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই আপোনাক সহায় কৰিব ৷ ব্যৱসায়ী আৰু পেচাদাৰীসকলে আৰ্থিক সফলতা লাভ কৰিব ৷ আবেলি শান্ত আৰু আৰাম অনুভৱ কৰিব ৷ আপোনাৰ বিৰোধীসকলে আপোনাক উত্তেজিত বা বিৰক্ত কৰাত বিফল হ’ব ৷ পৰিয়াল বা বন্ধুৰ সৈতে এটা শান্ত নৈশ আহাৰ গ্ৰহণ কৰক ৷

মকৰ ৰাশি:দাৰ্শনিকতা, আধ্যাত্মিকতা আৰু পৰম শক্তিমান ভগৱানৰ প্ৰতি আপোনাৰ জিজ্ঞাসা বৃদ্ধি পাব ৷ এটা আশাবাদী সময় আৰু আপোনাৰ কাৰ্যক্ষেত্ৰৰো পৰিৱৰ্তন হ’ব পাৰে ৷ সকলো কাম সময় মতে সম্পূৰ্ণ হ’ব, সময়সীমা পূৰণ কৰিব, আৰু বিনিয়োগত লাভ আশা কৰিব পাৰে ৷ মুঠতে, সুখ লাভ কৰিব ৷ ধনৰ বাট মুকলি ৷ কোনো লাভ হ’ব পাৰে ৷

কুম্ভ ৰাশি: এটা মিশ্ৰিত প্ৰভাৱৰ দিন ৷ নিজৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখিব ৷ ধৰ্মীয় বা আধ্যাত্মিক দিশত ব্যয় বৃদ্ধি হ’ব পাৰে ৷ আজি কিছু মানসিক শান্তি লাভ কৰিব ৷ আপোনাৰ সংগী বা পৰিয়ালৰ লোকৰ লগত বিবাদ হ’ব পাৰে যি আপোনাক উদাসীন কৰি তুলিব পাৰে ৷ কোনো আকস্মিক চিকিত্‍সাজনিত প্ৰক্ৰিয়াৰ পৰা আতঁৰি থাকক ৷ মেজাজ উন্নত হ’ব, কামসমূহ সহজে সম্পন্ন হ’ব আৰু কৰ্তৃপক্ষই আপোনাৰ প্ৰশংসা কৰিব ৷

মীন ৰাশি:মানসিকভাৱে দিনটো দুটা ভাগত বিভক্ত হ’ব ৷ দুটা পৰস্পৰ বিৰোধী সময় ৷ দিনটোৰ প্ৰথম ভাগটো সকলো কাম আৰু বাণিজ্যিক বিষয়ত সৌভাগ্যশালী হ’ব ৷ বিদেশ ভ্ৰমণত যোৱা বন্ধু বা পৰিয়ালৰ লোকৰ পৰা উপহাৰ পাব পাৰে ৷ আনন্দদায়ক সংগত আপুনি প্ৰাণৱন্ত আৰু প্ৰফুল্লিত অনুভৱ কৰিব ৷ দিনটোৰ পিছৰ ভাগত সকলো সলনি হ’ব ৷ ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক ৷ যত্ন কৰাৰ পিছতো কামসমূহ সম্পূৰ্ণ নহ’ব পাৰে ৷ আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ মাজেৰে সান্তনা পাব পাৰে ৷ ধ্যান-সাধনা কৰক ৷

লগতে পঢ়ক:এই সপ্তাহত ধনৰ লেনদেন কৰোঁতে সাৱধান হওক এই ৰাশিৰ লোক...এইসকল লোকৰ বাবে খোল খাব উপাৰ্জনৰ পথ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ABOUT THE AUTHOR

...view details