মেষ ৰাশি: নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে ৷ কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ ফলত পৰিয়ালক সময় দিব নোৱাৰিব ৷ বেয়া চিন্তা আৰু আচৰণৰ পৰা দূৰত থাকক ৷ অনাৱশ্যক দায়িত্ব পালন নকৰিব ৷ পেটৰ সমস্যাৰ হোৱাৰ আশংকা আছে ৷ সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়ক ৷ কৰ্মক্ষেত্ৰত সকলো কাম ফলদায়ক হ’ব ৷
বৃষ ৰাশি: আজি আপুনি উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আপুনি কষ্ট কৰা অনুসৰি কামত প্ৰত্যাশিত ফল পাব ৷ কৰ্মক্ষেত্ৰত আৰু বিত্তীয় লেনদেনত লাভ সুনিশ্চিত ৷ সন্তানৰ ক্ষেত্ৰত ব্যয়ৰ সম্ভাৱনা ৷ শিল্পী আৰু খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব ৷
মিথুন ৰাশি: আজি কোনো কাম বা প্ৰকল্প হাতত ল’লে, সেয়া সফলভাৱে সম্পন্ন হ’ব ৷ কৰ্মক্ষেত্ৰত দিনটো ভালদৰে পাৰ হ’ব ৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰচুৰ উদগণি আৰু সমৰ্থন লাভ কৰিব ৷ সৰু-সুৰা ভ্ৰমণৰ যোগ আছে ৷ বন্ধু, প্ৰিয়জন বা চুবুৰীয়াৰ সৈতে কাজিয়া হ’লে তাৰ পৰিণাম আপোনাৰ অনুকূলতহে থাকিব ৷ আপোনাৰ মেজাজ আৰু চিন্তা বাৰে বাৰে সলনি হৈ থাকিব ৷ শত্ৰু আৰু প্ৰতিপক্ষসকলে সেও মানিব ৷ আৰ্থিক দিশত উত্থান-পতনৰ বাবে সাজু থাকক ৷
কৰ্কট ৰাশি:আজি আপুনি হতাশ হৈ পৰিব পাৰে ৷ নিজৰ শাৰীৰিক আৰু মানসিক দুৰ্বলতা, নিজৰ দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা আঁতৰি আহিবলৈ সাজু হওক ৷ আপোনাৰ চকুৰ সমস্যাই দেখা দিব পাৰে ৷ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব ৷ পঢ়ুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ বেআইনী আৰু বেয়া চিন্তাধাৰাক মনত আহিবলৈ নিদিব ৷ খৰচৰ সীমা চেৰাই যোৱাৰ আশংকা আছে ৷
সিংহ ৰাশি: আজি আপোনাৰ মনত উদ্দীপনা আৰু আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব আৰু তেওঁলোকৰ পৰা সুযোগ-সুবিধা পাব ৷ আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি সাধন হ’ব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিব ৷
কন্যা ৰাশি:সদিচ্ছা আৰু অহংকাৰৰ ফলত সংঘাতৰ সৃষ্টি হ’ব পাৰে ৷ আজি আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি কম হৈ থাকিব ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া আৰু তৰ্ক-বিতৰ্ক হোৱাৰ তীব্ৰ আশংকা আছে ৷ ধৰ্মীয় কাৰ্য-কলাপত ব্যয়ৰ সম্ভাৱনা ৷ স্বাস্থ্যৰ প্ৰতি সচেতন হওঁক, বিশেষকৈ আজি ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে ৷ যিমান দূৰ সম্ভৱ কাজিয়া বিবাদৰ পৰা দূৰত থাকক ৷