চেন্নাই :ঘূৰ্ণীবতাহ 'ফেংগাল'ক লৈ দক্ষিণ ভাৰতত আতংক অব্যাহত আছে । এতিয়ালৈ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ 'ফেংগালে' খুন্দা মৰা নাই যদিও তামিলনাডুত ইয়াৰ প্ৰভাৱ আৰম্ভ হৈছে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণ হোৱা দেখা গৈছে ।
আৰএমচিয়ে পূৰ্বানুমান কৰিছে যে ফেংগালে উত্তৰ তামিলনাডু-পুডুচেৰীৰ উপকূলত প্ৰতি ঘণ্টাত ৭০ ৰ পৰা ৮০ কিলোমিটাৰ গতিবেগেৰে খুন্দা মাৰিব । প্ৰতি ঘণ্টাত ৯০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰো আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে ।
পুডুচেৰীৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ পূব-উত্তৰ-পূবত, চেন্নাইৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণ-পূবত, নাগাপট্টিনমৰ পৰা ২০০ কিলোমিটাৰ উত্তৰ-উত্তৰ-পূবত আৰু ত্ৰিঙ্কোমালীৰ পৰা ৪২০ কিলোমিটাৰ উত্তৰত দক্ষিণ-পশ্চিম বংগোপসাগৰৰ ওপৰত নিম্নচাপৰ ফলত ঘূৰ্ণীবতাহ ফেংগাল কেন্দ্ৰীভূত হৈছিল ।
স্থানীয় বতৰ বিজ্ঞান বিভাগে কয়,"৩০ নৱেম্বৰৰ সন্ধিয়া ৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত ঘূৰ্ণীবতাহ পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু কাৰাইকাল আৰু মহাবলিপুৰমৰ মাজৰ উত্তৰ তামিলনাডু-পুডুচেৰী উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।"
আৰএমচিয়ে শনিবাৰে ৭ খন উপকূলীয় জিলাত ধাৰাসাৰ বৰষুণৰ ইঙ্গিত দি ৰেড এলাৰ্ট জাৰি কৰিছে । জিলাকেইখন হৈছে ক্ৰমে চেন্নাই, তিৰুভাল্লুৰ, চেঙ্গালপট্টু, কাঞ্চীপুৰম, ভিল্লুপুৰম, কাল্লাকুৰিচি, কুড্ডালোৰ আৰু পুডুচেৰী ।
চেন্নাই আৰু অন্যান্য ৩ খন জিলাৰ শিক্ষানুষ্ঠান বন্ধ
ফেংগালৰ আগমন আৰু সম্ভাব্য ক্ষতিৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে চেন্নাই, চেঙ্গালপেট, তিৰুভাল্লুৰ আৰু কাঞ্চীপুৰমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ শনিবাৰে বন্ধ দিয়া হৈছে । তামিলনাডু চৰকাৰে মায়িলাডুথুৰাই, কুড্ডালোৰ, ভিল্লুপুৰম আৰু কাল্লাকুৰিচিৰ জিলা প্ৰশাসনকো স্থানীয় পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে ।
মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠানে শনিবাৰে স্নাতক পৰীক্ষা স্থগিত ৰাখিছে । সেই পৰীক্ষা এতিয়া ১৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব ।
কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণ