চেন্নাই :ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ ফেংগালে দেওবাৰে পুৱা উত্তৰ তামিলনাডু আৰু পুডুচেৰী উপকূল অতিক্ৰম কৰে আৰু পশ্চিম-দক্ষিণ-পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে । আনহাতে অহা কেইঘণ্টামানৰ ভিতৰত এই ঘূৰ্ণীবতাহৰ তীব্ৰতা হ্ৰাস বুলিও অনুমান কৰা হৈছে ।
আইএমডিৰ মতে, ঘূৰ্ণীবতাহ ফেংগালে পুডুচেৰীৰ ওচৰৰ উপকূল অতিক্ৰম কৰি ভাৰতীয় সময় অনুসৰি নিশা ১০:৩০ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত পাৰ হৈ যায় । সেই সময়ত বতাহৰ গতি বেগ আছিল প্ৰতি ঘণ্টাত ৭০-৮০ কিলোমিটাৰ ।
আইএমডিৰ সতৰ্কতামূলক পৰামৰ্শ
আইএমডিয়ে এক্সৰ এটা পোষ্টত লিখিছে যে পৰৱৰ্তী ৩ ঘণ্টাত ক্ৰমান্বয়ে ঘূৰ্ণীবতাহৰ প্ৰভাৱ যথেষ্ট হ্ৰাস পাব । চৰকাৰী বিবৃতিত কোৱা হৈছে যে প্ৰভাৱিত অঞ্চলবোৰৰ বাসিন্দাসকলক ঘৰৰ ভিতৰত থাকিবলৈ আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ স্থানীয় কৰ্তৃপক্ষৰ সকলো নিৰ্দেশনা অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।
প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ
ইফালে, ঘূৰ্ণীবতাহ ফেংগালৰ পৰিপ্ৰেক্ষিতত উপকূল অঞ্চলত বাস কৰা লোকসকলক চেংগালপট্টু জিলাৰ কালপক্কমৰ ওচৰৰ সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে । ঘূৰ্ণীবতাহ ফেংগালে আঘাত কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে পুডুচেৰী আৰু তামিলনাডুৰ কেইবাটাও স্থানত ধাৰাসাৰ বৰষুণ আৰু ধুমুহা হোৱা দেখা যায় । যাৰ ফলত যান-বাহন আৰু বিমান সেৱা ব্যাহত হয় আৰু স্বাভাৱিক জীৱন প্ৰভাৱিত হয় ।
আইএমডিয়ে Xৰ পোষ্টত উল্লেখ কৰিছে যে শেহতীয়া পৰ্যৱেক্ষণে সূচায় যে ঘূৰ্ণীবতাহে উপকূলত খুন্দা মাৰিছে । ঘূৰ্ণীবতাহ পশ্চিম-দক্ষিণ-পশ্চিম দিশে আগবাঢ়িব বুলি আশা কৰা হৈছে ।
ইফালে পুডুচেৰী আৰু তামিলনাডুৰ প্ৰশাসনে পৰিস্থিতিটো পৰ্যালোচনা কৰি সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । পুডুচেৰীৰ জিলা উপায়ুক্ত এ কুলোথুংগনে কয় যে জিলা প্ৰশাসনে ঘূৰ্ণীবতাহ ফেংগালৰ বাবে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে ।
উপায়ুক্তৰ মতে সম্ভাৱ্য ক্ষতিৰ কথা বিবেচনা কৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইফালে সাহায্য কেন্দ্ৰও স্থাপন কৰা হৈছে । সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হৈছে আৰু প্ৰায় ৪,০০০ চৰকাৰী বিষয়া কৰ্তব্যৰত আছে ।
লগতে পঢ়ক :তামিলনাডুৰ উপকূলত খুন্দা মাৰিব ফেংগালে;সতৰ্কতামূলক ব্যৱস্থা প্ৰশাসনৰ