নতুন দিল্লী :সোমবাৰে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰক নিযুক্তি দিয়া হয় ৷ আইন আৰু ন্যায় মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰা হৈছে যে ১৯ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকাল আৰম্ভ হ’ব ৷
ইফালে সোমবাৰে জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ পাচতে কংগ্ৰেছে কয় খৰখেদাকৈ এই সিদ্ধান্ত লোৱা হৈছে ৷ এই সিদ্ধান্তই এয়াই প্ৰতিপন্ন কৰিছে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ তদন্তৰ পৰা আঁতৰি স্পষ্ট নিৰ্দেশ ওলোৱাৰ পূৰ্বেই নিযুক্তি দিবলৈ আগ্ৰহী বুলি ৷
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে কয়, ‘‘চৰকাৰে খৰখেদাকৈ মাজনিশা নতুন মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দি অধিসূচনা জাৰি কৰিছে ৷’’