নেশ্যনেল ডেস্ক,১১ জুন :কংগনা ৰনৌতক চিআইএছএফৰ মহিলা জোৱানে কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ । মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে কংগনা ৰনৌতে পূৰ্বে কিছুমান এনে বিবৃতি দিছিল যাৰ ওপৰত চিআইএছএফৰ কনিষ্টবল কুলবিন্দৰ কৌৰ ক্ষোভিত হৈছিল । সেয়েহে চিআইএছএফৰ জোৱানগৰাকীয়ে এনে পদক্ষেপ ল'লে বুলি তেওঁ দাবী কৰে । অৱশ্যে মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই ঘটনাক গৰিহণাও প্ৰদান কৰে ।
পাঞ্জাবৰ সন্ত্ৰাসবাদ সম্পৰ্কীয় মন্তব্য : কংগনাক উভতি ধৰিলে মুখ্যমন্ত্ৰী মানে - Kangana Ranaut Slapping case - KANGANA RANAUT SLAPPING CASE
Kangana Ranaut Slapping case: চণ্ডীগড় বিমানবন্দৰত কংগনা ৰনৌতৰ সৈতে হোৱা ঘটনাক লৈ পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ প্ৰতিক্ৰিয়া । পাঞ্জাবৰ সন্ত্ৰাসবাদ সম্পৰ্কে কংগনাই কৰা মন্তব্যক তীব্ৰ গৰিহণা মানৰ ।
![পাঞ্জাবৰ সন্ত্ৰাসবাদ সম্পৰ্কীয় মন্তব্য : কংগনাক উভতি ধৰিলে মুখ্যমন্ত্ৰী মানে - Kangana Ranaut Slapping case Kangana Ranaut Slapping case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-06-2024/1200-675-21685672-thumbnail-16x9-kangana-09-aspera.jpg)
Published : Jun 11, 2024, 3:12 PM IST
একে সময়তে মুখ্যমন্ত্ৰী ভগৱন্ত মানে পাঞ্জাবত সন্ত্ৰাসবাদ সন্দৰ্ভত কংগনা ৰনৌতে কৰা মন্তব্যৰ তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে এগৰাকী চলচ্চিত্ৰ তাৰকা আৰু সাংসদ হোৱা স্বত্বেও সমগ্ৰ পাঞ্জাবক সন্ত্ৰাসবাদী বুলি অভিহিত কৰাটো সম্পূৰ্ণ ভুল । মুখ্যমন্ত্ৰী মানে কয় যে পাঞ্জাবে সমগ্ৰ দেশক খাদ্য যোগান ধৰে । পাঞ্জাবৰ জোৱানসকলে সমগ্ৰ দেশৰ সীমাত পহৰা দিয়ে । সৰ্বনিম্ন তাপমাত্ৰা হওঁক বা প্ৰচণ্ড গৰমে হওঁক পাঞ্জাবৰ সেনা জোৱানসকল সীমাত নিয়োজিত হৈ থাকে । পাঞ্জাবৰ সেনাসকলে দেশৰ বাবে ত্যাগ কৰিছে, কিন্তু প্ৰতিটো ভুলৰ বাবে পাঞ্জাবৰ লোকসকলক সন্ত্ৰাসবাদী বুলি কোৱা হয় । যদি কৃষকসকলে ধৰ্ণাত বহে তেওঁলোকক সন্ত্ৰাসবাদী বুলি কোৱা হয় । পাঞ্জাবৰ বাবে এনে ধৰণৰ কথা কোৱাটো সম্পূৰ্ণ ভুল বুলি তেওঁ দাবী কৰে ।
উল্লেখ্য যে চণ্ডীগড় বিমানবন্দৰত চৰ মৰাৰ ঘটনাৰ পিচতে মাণ্ডি লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ কংগনা ৰনৌতে এটা ভিডিঅ' মুকলি কৰি কৈছিল যে চণ্ডীগড় বিমানবন্দৰত এগৰাকী চিআইএছএফ মহিলা কনিষ্টবলে তেওঁক চৰ মাৰিছিল । কংগনাৰ মতে তেওঁ মহিলা কৃষক আন্দোলনৰ সমৰ্থক আছিল । কিন্তু পাঞ্জাবত বৰ্ধিত সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিষয়ক লৈ কংগনা চিন্তিত বুলি উল্লেখ কৰে ।