নেশ্যনেল ডেস্ক,৪ মাৰ্চ :পুনৰ এবাৰ ইডিৰ চমন প্ৰত্যাখ্যান কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । মুখ্যমন্ত্ৰীগৰাকীক দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত সোধ-পোছৰ বাবে ইডিৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছিল যদিও তেওঁ কাৰ্যালয়ত উপস্থিত হোৱা নাই । ইয়াৰ পৰিৱৰ্তে অৰবিন্দ কেজৰিৱালে ইডিলৈ এখন পত্ৰযোগে উত্তৰ প্ৰেৰণ কৰিছে । কেজৰিৱালে ১২ মাৰ্চৰ পিচত তাৰিখ বিচাৰিছে ।
শেহতীয়াকৈ, ইডিয়ে কেজৰিৱাললৈ চমন প্ৰেৰণ কৰিছিল আৰু সোমবাৰে তেওঁক মাতি পঠিয়াইছিল ।কিন্তু ইডিৰ কাৰ্যালয়ৰ পৰিৱৰ্তে মুখ্য়মন্ত্ৰীগৰাকী বিধানসভাত উপস্থিত থাকে । দিল্লী বিধানসভাৰ বাজেট অধিবেশন বৰ্তমান চলি আছে আৰু সোমবাৰে দিল্লীৰ বিত্ত মন্ত্ৰী আতিশীয়ে চৰকাৰৰ দশম বাজেট উত্থাপন কৰিব ।
ইফালে আম আদমি পাৰ্টীয়ে সুৰা নীতি কেলেংকাৰীত ইডিয়ে প্ৰেৰণ কৰা চমন সন্দৰ্ভত বহুবাৰ মন্তব্য কৰি কৈছে যে এতিয়া এই বিষয়টো আদালতৰ বিবেচনাধীন । ১৬ মাৰ্চত আদালতত এই সন্দৰ্ভত শুনানি হ'ব । সেয়ে ইডিয়ে প্ৰেৰণ কৰা চমনৰ কোনো অৰ্থ নাই । ফলস্বৰূপে অৰবিন্দ কেজৰিৱালে ইডিৰ দ্বাৰা প্ৰেৰণ কৰা চমনত হাজিৰ হোৱাৰ সম্ভাৱনা নাই ।