নিউজ ডেস্ক, 30 জানুৱাৰী :2019 ত নাগৰিকত্ব (সংশোধনী) আইন সংসদত গৃহীত হৈছিল ৷ কিন্তু নীতি-নিয়মৰ দোহাই দি সমগ্ৰ দেশতে বলবৎ হোৱা নাছিল নাগৰিকত্ব (সংশোধনী) আইনখন ৷ লোকসভা নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধনী) আইনখন কাৰ্যকৰী কৰা হ’ব বুলি প্ৰকাশ পাইছে ৷
এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে কৈছিল, "এসপ্তাহৰ ভিতৰত সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী কৰা হ'ব ৷’’ মন্ত্ৰী শান্তনু ঠাকুৰে দেওবাৰে পশ্চিমবংগৰ দক্ষিণ 24 পৰগণাৰ এখন ৰাজহুৱা সভাত চি(এ)এ কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰিছিল ৷ তাৰ পাচতে মন্ত্ৰীগৰাকীৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহ বিভাগৰ চৰকাৰী বিষয়াই ৷ বিষয়াজনে কয়, "চি (এ) এ ৰূপায়ণৰ বাবে কোনো সঠিক সময়সীমা নিৰ্ধাৰণ কৰা নাই । অৱশ্যে, লোকসভা নিৰ্বাচনৰ আগতে যিকোনো সময়তে ইয়াক কাৰ্যকৰী কৰা হ'ব পাৰে ৷’’
গৃহ মন্ত্ৰালয়ৰ চৰকাৰী বিষয়াজনে কয়, ‘‘লোকসভাত অধীনস্থ আইনৰ সংসদীয় সমিতিয়ে নাগৰিকত্ব (সংশোধনী) আইন ৰূপায়ণৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ বাবে গৃহ মন্ত্ৰালয়ক আন এক গোট গঠন কৰা হৈছে । 2019 চনৰ নাগৰিকত্ব (সংশোধনী) আইনৰ নিয়মসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সাজু হৈ আছে আৰু লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ইয়াৰ সম্পৰ্কে জাননী দিয়া হ'ব পাৰে।’’