অসম

assam

ETV Bharat / bharat

নৱজোৎ সিং সিদ্ধুলৈ ছত্তীশগড় অসামৰিক সমাজৰ ৮৫০ কোটি টকাৰ আইনী জাননী জাৰি - NAVJOT SIDHU CANCER TREATMENT

কৰ্কট ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰমাণ বিচাৰি ছত্তীশগড় অসামৰিক সমাজৰ নৱজোৎ সিং সিদ্ধুলৈ ৮৫০ কোটি টকাৰ জাননী প্ৰেৰণ ৷

Navjot Sidhu cancer treatment
নৱজোৎ সিং সিদ্ধুলৈ কোটি টকাৰ আইনী জাননী জাৰি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 4:03 PM IST

হায়দৰাবাদ:পঞ্জাবৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৰ পত্নী নৱজোৎ কৌৰ (ন’নী)ক ছত্তীশগড় অসামৰিক সমাজে ৮৫০ কোটি টকাৰ জাননী জাৰি কৰে । নৱজোৎ সিদ্ধুৱে সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে তেওঁৰ পত্নীয়ে নেমু পানী, কেঁচা হালধি আৰু নিমৰ ৰস সেৱন কৰি কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰিছিল ৷ ইয়াৰ পাছতে ছত্তীশগড় অসামৰিক সমাজে এখন পত্ৰ লিখি নৱজোৎ কৌৰক ৮৫০ কোটি টকাৰ জাননী জাৰি কৰি চিকিৎসাৰ প্ৰমাণ বিচাৰিছে ।

  • ৭ দিনৰ ভিতৰত প্ৰমাণ বিচাৰিছে :

ছত্তীশগড় অসামৰিক সমাজৰ আহ্বায়ক ডাঃ কুলদীপ ছোলাংকীয়ে কয় যে তেওঁলোকৰ খাদ্যাভ্যাসৰ বিষয়ে শুনি দেশ-বিদেশৰ কৰ্কট ৰোগীৰ মাজত বিভ্ৰান্তি আৰু এলোপেথিক চিকিৎসাৰ প্ৰতি মনত কিছু বাধাৰ সৃষ্টি হৈছে । ৭ দিনৰ ভিতৰত তেওঁলোকে চিকিৎসাৰ সকলো নথি দাখিল কৰিব লাগিব ।

৭ দিনৰ ভিতৰত যদি ক্ষমা বিচৰা বা তেনে কোনো প্ৰমাণ পোৱা নাযায়, তেন্তে তেওঁ নিজৰ অধিবক্তাৰ জৰিয়তে আদালতলৈ যাব বুলিও কয় । Xৰ এটা পোষ্টত ডাঃ ছোলাংকীয়ে এই কথা উল্লেখ কৰিছে ৷

  • ছত্তীশগড় অসামৰিক সমাজে কি তথ্য বিচাৰিছিল ?
  1. ডাঃ কুলদীপ ছোলাংকীয়ে নৱজোৎ কৌৰলৈ চিঠি লিখি তেওঁৰ স্বামীয়ে খাদ্যৰ জৰিয়তে কৰ্কট ৰোগ নিৰাময় হোৱা বুলি কৰা দাবীক তেওঁৰ সম্পূৰ্ণ সমৰ্থন আছেনে ?
  2. বিভিন্ন চিকিৎসালয়ত আপুনি কৰা এলোপেথিক ঔষধৰ চিকিৎসাই আপোনাক লাভৱান কৰা নাই বুলি অনুভৱ কৰে নেকি ?
  3. আপুনি খাদ্যত কেৱল নিম পাত, নেমুৰ পানী বা ৰস, তুলসী পাত, কেঁচা হালধি সেৱন কৰি কেন্সাৰমুক্ত হ’বলৈ সক্ষম হৈছে ? কোনো এলোপেথিক ঔষধ ব্যৱহাৰ কৰা নাই ?
  4. যদি আপুনি আপোনাৰ স্বামীয়ে কৰা দাবীক সমৰ্থন কৰে, তেন্তে ৭ দিনৰ ভিতৰত আমাক সকলো পৰীক্ষাৰ যোগ্য নথি-পত্ৰ প্ৰদান কৰক, যিয়ে কোনো ঔষধ অবিহনে বা কোনো চিকিৎসা সহায় নোহোৱাকৈ কেৱল এই খাদ্য গ্ৰহণ কৰিয়েই ৪০ দিনৰ ভিতৰতে কেন্সাৰৰ ৪ৰ্থ ষ্টেজ ক্লিয়াৰ কৰিছে আৰু আপুনি কেন্সাৰ মুক্ত হৈছে ।
  5. যদি আপোনাৰ স্বামীৰ ব্যক্তব্যৰ প্ৰতি আপোনাৰ কোনো সমৰ্থন নাই, তেন্তে সংবাদমেল পাতি সকলো নিশ্চিত কৰক ।
  • কৰ্কট ৰোগৰ চিকিৎসাৰ সন্দৰ্ভত কি কৈছিল নৱজোৎ সিং সিদ্ধুৱে ?

কিছুদিন পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি নৱজোৎ সিং সিদ্ধুৱে কৈছিল যে তেওঁৰ পত্নী ন’নী যেতিয়া কেন্সাৰৰ তৃতীয় পৰ্যায়ত আছিল, তেতিয়া চিকিৎসকসকলে তেওঁ সুস্থ হোৱাৰ আশা নাই বুলিয়েই কৈছিল । তেওঁ কয় যে কেন্সাৰত খাদ্যৰ ব্যৱধান দিলেই কেন্সাৰ কোষবোৰ নিজে মৰি যাব । সন্ধিয়া ৭ বজাত খোৱাৰ পিছত ১০ বজাতহে আহাৰ গ্ৰহণ কৰিব লাগে । খাদ্যৰ তালিকাত নেমুৰ ৰস বা পানী, নিম পাত আৰু তুলসী অধিক ব্যৱহাৰ কৰিব লাগে ।

ইয়াৰ উপৰিও এই ৰোগৰ পৰা হাত সাৰিবলৈ চাহো ত্যাগ কৰিব লাগিব ৷ হালধি, আদা আৰু ৰঙালাওৰ ৰসক অধিক অগ্ৰাধিকাৰ দিব লাগে । ফলৰ ভিতৰত মালবেৰীৰ ৰস, বিট, গাজৰ আদি খাব লাগে, যিয়ে কেন্সাৰ নিৰ্মূল কৰাত সহায় কৰিব । ইয়াৰ বাহিৰেও তেওঁ কয় যে কেন্সাৰৰ চিকিৎসা ফেটি লিভাৰৰ ক্ষেত্ৰতো একেই । তেওঁ কয় যে নাৰিকল তেল আৰু সৰিয়হৰ তেলৰ খাদ্য খাব লাগে ।

ইয়াৰ উপৰিও নৱজোৎ সিং সিদ্ধুৱে Xৰ জৰিয়তে সমগ্ৰ ডায়েট প্লেন শ্বেয়াৰ কৰিছিল ।

লগতে পঢ়ক :শৰীৰক লাহে লাহে ফোঁপোলা কৰি তোলে কেন্সাৰে...জানি লওক ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ

লগতে পঢ়ক :কেৱল স্তনত গাঁঠি হোৱাটোৱেই স্তন কেন্সাৰৰ লক্ষণ নহয়...এই সংকেত লাভ কৰিলেও হওক সাৱধান

ABOUT THE AUTHOR

...view details