অসম

assam

ETV Bharat / bharat

ভাৰত-ম্যানমাৰ সীমান্তত ৩১ হাজাৰ কোটিটকীয়া বেৰ; কেবিনেট কমিটীৰ অনুমোদন - India Myanmar Border - INDIA MYANMAR BORDER

Indo Myanmar Border Fencing : ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্তভাৱে চলাচল ব্যৱস্থা সমাপ্ত কৰাৰ বাবে ইতিমধ্যে গৃহ মন্ত্ৰণালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে । এইবাৰ 'কেবিনেট কমিটী অন ছিকিউৰিটী'য়ে ভাৰত আৰু ম্যানমাৰৰ মাজত ১,৬১০ কিলোমিটাৰ দৈঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁটাতাঁৰৰ বেৰ আৰু পথ নিৰ্মাণৰ বাবে ৩১,০০০ কোটি টকা অনুমোদন জনাইছে ।

Indo Myanmar Border Fencing
গৃহ মন্ত্ৰী অমিত শ্বাহ (ANI Photo)

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 10:49 AM IST

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ :ভাৰত আৰু ম্যানমাৰৰ মাজত ১,৬১০ কিলোমিটাৰ দৈঘ্য়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁটাতাঁৰৰ বেৰ আৰু পথ নিৰ্মাণৰ বাবে ৩১,০০০ কোটি টকা কেন্দ্ৰই অনুমোদন জনাইছে ।

গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই বুধবাৰে প্ৰকাশ কৰা মতে, "কেবিনেট কমিটী অন ছিকিউৰিটীয়ে নীতিগতভাৱে ভাৰত আৰু ম্যানমাৰৰ মাজত ১,৬১০ কিলোমিটাৰ দৈঘ্য়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্ৰায় ৩১,০০০ কোটি টকা ব্যয়েৰে সীমান্ত বেৰ আৰু পথ নিৰ্মাণত অনুমোদন জনাইছে ।"

ম'ৰেত প্ৰায় ১০ কিলোমিটাৰ বেৰ দিয়া ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে আৰু মণিপুৰৰ অন্যান্য অঞ্চলত আৰু ২১ কিলোমিটাৰ কাঁটাতাঁৰৰ বেৰ দিয়াৰ কাম চলি আছে । সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে শেহতীয়াকৈ গৃহ মন্ত্ৰণালয়ে ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত চলাচল ব্যৱস্থা (Free Movement Regime, FMR) বাতিল কৰাৰ উপৰি সুৰক্ষিত সীমান্তৰ বেৰ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে কয় যে মণিপুৰৰ হিংসা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা কৌশলসমূহৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্তত বেৰ দিয়াটো অন্যতম ৰণনীতি । অমিত শ্বাহে কয় যে সীমান্তৰ ৩০ কিলোমিটাৰ দূৰত্বত বেৰ দিয়াৰ কাম সম্পূৰ্ণ হৈছে । এই অঞ্চলটোক তেওঁ মণিপুৰত জাতিগত হিংসাৰ মূল কাৰণ বুলিও অভিহিত কৰে ।

উল্লেখ্য যে ভাৰত-ম্যানমাৰ সীমান্ত পূৰ্বোত্তৰৰ মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে পাৰ হৈ গৈছে । ইয়াৰ পূৰ্বে এফ এম আৰৰ দ্বাৰা সীমান্তৰ ওচৰত বাস কৰা লোকসকলক কোনো নথি-পত্ৰ অবিহনে দুয়োখন দেশৰ 16 কিলোমিটাৰ এলেকালৈ প্ৰৱেশ কৰাত সহায় কৰিছিল ।

এই এফ এম আৰ ২০১৮ চনত ভাৰতৰ এক্ট ইষ্ট নীতিৰ অংশ হিচাপে কাৰ্যকৰী কৰা হৈছিল । সূত্ৰত লগতে কোৱা হৈছে যে গৃহ মন্ত্ৰণালয়ে বিগত ১০০ দিনত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

"যিমান সম্ভৱ সোনকালে অঞ্চলটোত শান্তি পুনৰ স্থাপনৰ বাবে মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ৰ সৈতে নিৰন্তৰ আলোচনা চলি আছে ।" সূত্ৰত প্ৰকাশ । সূত্ৰ অনুসৰি, গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি নিয়মীয়াকৈ পৰ্যালোচনা কৰি আহিছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

"মণিপুৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) দুটা বেটেলিয়ন মোতায়েন কৰা হৈছে । ইয়াৰ উপৰি তাত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ প্ৰায় 200 টা কোম্পানী মোতায়েন কৰা হৈছে । তদুপৰি, মণিপুৰ চৰকাৰে সাধাৰণ ৰাইজক ন্যায্য মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰাৰ বাবে 25 খন দোকান আৰু ভ্ৰাম্যমাণ ভেন আৰম্ভ কৰিছে । মণিপুৰৰ সকলো জিলাতে এই দোকান আৰু ভ্ৰাম্যমাণ ভেনসমূহ চলি আছে ।" সূত্ৰই লগতে জনায় ।

ইফালে এক নতুন পদক্ষেপ হিচাপে মণিপুৰৰ জনসাধাৰণক ন্যায্য মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় আৰক্ষী কল্যাণ ভাণ্ডাৰ (Kendriya Police Kalyan Bhandar, KPKB) 17 ছেপ্টেম্বৰৰ পৰা মুকলি কৰা হৈছে ।

"বৰ্তমানৰ ২১ টা আৰক্ষী কল্যাণ ভাণ্ডাৰৰ উপৰি ১৬ টা নতুন কল্যাণ ভাণ্ডাৰ মুকলি কৰা হৈছে । ১৬ টা নতুন আৰক্ষী কল্যাণ ভাণ্ডাৰৰ ভিতৰত আঠটা উপত্যকাটোত থাকিব আৰু বাকী আঠটা পাহাৰীয়া অঞ্চলত থাকিব ।" সূত্ৰই লগতে কয় ।

উল্লেখ্য যে বিগত বছৰৰ পৰা মণিপুৰত অব্যাহত থকা হিংসাত্মক ঘটনাত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ ২২০ গৰাকীৰো অধিক লোক আৰু আন কেইবাজনো সুৰক্ষা কৰ্মী নিহত হৈছে । সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতিৰ (এছ টি) মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহত জনজাতীয় সংহতি সমদলক লৈ মণিপুৰত জাতিগত হিংসা যোৱা বছৰ 3 মে'ত আৰম্ভ হৈছিল ।

লগতে পঢ়ক :চন্দ্ৰযান-৪ অভিযানৰ বাবে অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ; কি দৰে চলিব এই অভিযান ? - Chandrayaan 4 Mission
লগতে পঢ়ক :‘এক দেশ, এক নিৰ্বাচন’ ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন; এই প্ৰক্ৰিয়াৰ সুবিধা-অসুবিধাসমূহ জানো আহক - One Nation One Election

ABOUT THE AUTHOR

...view details