অসম

assam

ETV Bharat / bharat

সংসদত অব্যাহত বাজেট বিতৰ্ক: লোকসভাত দুটাকৈ বিষয়ত স্থগিতাদেশ জাৰি - INDIA BUDGET 2024 - INDIA BUDGET 2024

Union Budget 2024: বাজেট সন্দৰ্ভত সদনত বিতৰ্ক অব্যাহত ৷ বিতৰ্কই এনে পৰ্যায় পাই যে, সদন স্থগিত ৰাখিবলগীয়া হয় ৷

INDIA BUDGET 2024
নতুন দিল্লীস্থিত সংসদ ভৱন (ANI PHOTO)

By ANI

Published : Jul 26, 2024, 8:11 AM IST

নিউজ ডেস্ক, 26 জুলাই: 2024-25 চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত বৃহস্পতিবাৰে সংসদৰ দুয়োখন সদনত অব্যাহত আছিল বিতৰ্ক ৷ বিৰোধী সদস্যসকলে ট্ৰেজাৰী বেঞ্চৰ পৰা অহা মন্তব্যৰ প্ৰতিবাদ কৰাৰ প্ৰতি লক্ষ্য ৰাখি লোকসভাত দুবাৰকৈ স্থগিতাদেশৰ নিৰ্দেশ দিছিল অধ্যক্ষই ৷

কংগ্ৰেছ সদস্য চৰণজিৎ সিং চান্নি আৰু বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ মন্তব্যক লৈ হোৱা হুলস্থূলৰ পিছতে স্থগিত ৰখা হৈছিল সদন । যেতিয়া এন চি পি-ৰ সুনীল তাতকাৰে তেওঁৰ মন্তব্য দিবলৈ বিচাৰিছিল, তেতিয়া সদনে আন এক বিষয়ত স্থগিতাদেশ জাৰী কৰে ৷

লগতে পঢ়ক:বিষয় বাজেট: প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীক ধন্যবাদ জনাই ড৹ শৰ্মাই ক’লে- দ্ৰুতগতিত বিকাশ হ’ব ভাৰতৰ - INDIA BUDGET 2024

ৰাজ্যসভাত কংগ্ৰেছ সদস্য ৰণদীপ সিং সুৰজেৱালাই কৃষি সম্পৰ্কীয় নীতিক লৈ চৰকাৰক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায় ৷ চৰকাৰে কৃষি সম্পৰ্কীয় 6 খন আঁচনিত 3 লাখ কোটি টকাও ব্যয় নকৰা বুলি অভিযোগ উত্থাপন কৰে সুৰজেৱালাই ৷ তদুপৰি কৃষকৰ ঋণ মাফ নকৰাৰ সন্দৰ্ভতো সাংসদগৰাকীয়ে মাত মাতে ৷

আপ নেতা ৰাঘৱ চাড্ডাই দাবী কৰিছিল যে, সাধাৰণ মানুহৰ ওপৰত কৰৰ বোজা বৃদ্ধি পাইছে । ছোমালিয়াৰ দৰে সুবিধা পাবলৈ ৰাষ্ট্ৰৰ নাগৰিকসকলে ইংলেণ্ডৰ দৰে কৰ পৰিশোধ কৰিব লাগিব বুলি আপ নেতাগৰাকীয়ে দাবী কৰে ।

চাড্ডাই লগতে কয় যে, 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ কম অৰ্থাৎ 240 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ সেই সময়ত ৰাইজৰ ওপৰত চৰকাৰে আৰোপ কৰিছিল 18 শতাংশ জিএছটি ৷ 2019 চনত লোকসভাত বিজেপিৰ আসনৰ সংখ্যা আছিল 303 খন ৷ বিজেপিৰ এই দুৰ্দিনৰ মূলতে হৈছে অৰ্থনীতি ৷

সাধাৰণতে বাজেট উপস্থাপন কৰাৰ সময়ত সাধাৰণতে সমাজৰ একাংশ শ্ৰেণী সুখী হয়, একাংশই হতাশ হয়, কিন্তু এইবাৰৰ বাজেটে সমাজৰ প্ৰতিটো শ্ৰেণীক নিৰাশ কৰিছে ৷ আনহাতে, এই সকলোবোৰ অভিযোগৰ মাজতে লোকসভাত বিজেপিৰ বৈজয়ন্ত পাণ্ডাই কেন্দ্ৰীয় বাজেটক ঐতিহাসিক বুলি অভিহিত কৰিছে ।

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নিয়ে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত দেশত "অঘোষিত জৰুৰীকালীন অৱস্থা" অব্যাহত থকা বুলি অভিযোগ কৰাৰ পিছতে সদনত এক হুলস্থূলৰ সৃষ্টি হয় ৷

বিগত প্ৰায় ডেৰ বছৰে মণিপুৰত যি হিংসাত্মক পৰিস্থিতি অব্যাহত আছে, তেনেক্ষেত্ৰত কেন্দ্ৰই কোনো মাত নমতাটোকো বিৰোধীসকলে জৰুৰীকালীন পৰিস্থিতি বুলি দাবী কৰে ৷ শিল্পী সিদ্ধু সিং মুছেৱালাৰ হত্য়াকাণ্ডৰ লগতে শিক্ষাৰ্থীসকলৰ প্ৰতিবাদকে ধৰি সদনত ভিন্ন বিষয় উত্থাপন কৰি দেশত জৰুৰীকালীন অৱস্থা অব্যাহত থকা বুলি বিৰোধীসকলে হুলস্থূল কৰে ৷ যাৰ বাবে দুপৰীয়া 2 বজালৈ স্থগিত ৰখা হৈছিল সদন ।

যেতিয়া সদনৰ কাৰ্যসূচী পুনৰ আৰম্ভ হয়, তেতিয়া কংগ্ৰেছ সদস্য কে চি বেণুগোপালে তেওঁ কৰা মন্তব্যৰ বাবে বিট্টুৰ পৰা ক্ষমা বিচাৰে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দুয়োপক্ষৰ ফালৰ পৰা প্ৰকাশ কৰা অসংসদীয়, অশালীন শব্দবোৰ আঁতৰ কৰাৰ সপক্ষে মাত মাতে । আনহাতে, পীযুষ গোৱেল আৰু কিৰেণ ৰিজিজুৱে দাবী কৰে যে কৃষকসকলৰ প্ৰতিবাদ সম্পৰ্কীয় মন্তব্যৰ বাবে চান্নীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপিত কৰিব লাগে ৷

এই সন্দৰ্ভত অধ্যক্ষ ওম বিৰলাই দুয়োপক্ষৰ সদস্য, বিশেষভাৱে মন্ত্ৰীসকলে তেওঁলোকে কৰা মন্তব্যৰ সময়ত সদনৰ মৰ্যাদা অটুট থকাতো নিশ্চিত কৰিব লাগে বুলি মন্তব্য কৰে । যদিহে সংসদসকলে নিজৰ পদৰ অপব্যৱহাৰ কৰে, তেন্তে ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিয়ে অধ্যক্ষগৰাকীয়ে ৷

উল্লেখ্য যে, বুধবাৰে দুয়োখন সদনত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা আৰম্ভ হৈ অমীমাংসিত হৈ ৰৈছিল । আলোচনা সমাপ্ত হোৱাৰ পিছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিতৰ্কৰ উত্তৰ দিয়ে ।

লগতে পঢ়ক:বাজেটৰ প্ৰভাৱ ষ্টক মাৰ্কেটত : ইকুইটিৰ ওপৰত কৰ বৃদ্ধিৰ পিচদিনাই ৰঙা ৰঙত মুকলি ছেনছেক্স, নিফটি - STOCK MARKET UPDATE

ABOUT THE AUTHOR

...view details