তেজপুৰ, 17 জুন : বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ছিকিমত হোৱা ভূমিস্খলনৰ ফলত বহু হাজাৰ যাত্ৰী তথা পৰ্যটক আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ ইতিমধ্যে ভাৰতীয় সেনাৰ সীমান্ত পথ সুৰক্ষা বাহিনীৰ লোকে সোমবাৰে আৱদ্ধ হৈ থকা 64 জনীয়া পৰ্যটকৰ এটাক দল উদ্ধাৰ কৰে ৷ ছিকিমৰ চুংথাঙৰ পৰা মংগনলৈ আবদ্ধ 64 জন পৰ্যটকৰ প্ৰথমটো দল সীমান্ত পথ সুৰক্ষা বাহিনীৰ দ্বাৰা উদ্ধাৰ কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে ৷ প্ৰতিকূল বতৰৰ মাজতে সীমান্ত পথ সুৰক্ষা বাহিনীৰ দলে ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে যৌথভাবে আৱদ্ধ হৈ থকা পথসমূহ খালী কৰি পৰ্যটকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ৷
ইফালে বিভিন্ন প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতে উত্তৰ ছিকিমৰ পথ সংযোগ পুনৰুদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে সীমান্ত পথ সুৰক্ষা বাহিনীয়ে ৷ বি আৰ অ’ই মংগন জিলাৰ বিভিন্ন পথত হোৱা ভূমিস্খলনৰ স্থানসমূহ পৰিষ্কাৰ তথা মুকলি কৰিবলৈ একাধিক গধুৰ যন্ত্ৰপাতি আৰু শ শ শ্ৰমিক নিয়োগ কৰিছে ৷ 11 জুনৰ পৰা অবিৰতভাবে চলি থকা বৰষুণে উত্তৰ ছিকিমত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ৷ প্ৰবল বৰষুণৰ ফলত উত্তৰ ছিকিমলৈ যোৱা পথ যেনে ডিকচু-শংকলাং-টুং, মংগন-শংকলাং, সিংথাম-ৰংৰাং, আৰু ৰংৰাং-টুং আদি পথত একাধিক ভূমিস্খলন আৰু পথ ভাঙি যোৱাৰ ফলত অঞ্চলটোৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ ফলত উত্তৰ ছিকিমত আবদ্ধ হৈ আছে প্ৰায় 1200-1500 পৰ্যটক ৷