নেশ্যনেল ডেস্ক, ১৬ মে’ :হাৰিয়ানাত অঘটন ৷ হাৰিয়ানাৰ শোণিপত কুণ্ডলী থানাৰ অন্তৰ্গত এটা কাথা নিৰ্মাণ কৰা কোম্পানীত বুধবাৰে নিশা বয়লাৰ বিস্ফোৰণ ঘটে । যাৰ ফলত দুজন লোকৰ থিতাতে মৃত্যু হয় ৷ আনহাতে, এই বিস্ফোৰণত ১০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা হৈছে ।
তথ্য অনুসৰি, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত শ্ৰমিকসকলে কাৰখানাটোতে কাম কৰি আছিল । এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে ওচৰতে নিৰ্মাণৰত অৱস্থাত থকা বহু অট্টালিকাৰো ক্ষতিসাধন হয় ৷ এই বিস্ফোৰণৰ ফলতে এটা অট্টালিকা ভাঙি পৰাৰো খবৰ পোৱা গৈছে ৷ আনকি, খহি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত বহু লোক পোত যোৱা বুলিও খবৰ লাভ কৰা হৈছে ।
শোণিপতৰ কাথা কোম্পানীতবয়লাৰ বিস্ফোৰণ :
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাত ২ জনৰ মৃত্যু হৈছে ৷ ইয়াৰ উপৰিও কোম্পানীটোত কৰ্মৰত ১০ জনতকৈ অধিক লোক আহত হৈছে । আহত লোকসকলৰ চিকিৎসা নাৰেলাৰ ৰাজা হৰিশ চন্দ্ৰ চিকিৎসালয়ত চলি আছে বুলি জানিব পৰা গৈছে ।