নিউজ ডেস্ক, ৬ আগষ্ট : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিচত ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত বৰ্ধিত অস্থিৰতাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে জ্যোতিৰ্মঠ পীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই । উল্লেখ্য যে, নিজৰ ১৫ বছৰীয়া শাসনৰ অতি কৰুণ সমাপ্তি ঘটাই হাছিনাই সোমবাৰে পদত্যাগ কৰাই নহয়, দেশ এৰি পলায়ন কৰিবলগাও হয় । এনে পৰিস্থিতিত জ্যোতিৰ্মঠ পীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই বাংলাদেশ সেনাক দেশখনত থকা হিন্দুসকলক সুৰক্ষা দিবলৈ আহ্বান জনাইছে ।
"আমাৰ চুবুৰীয়া দেশ বাংলাদেশত ৰাজনৈতিক উত্থান-পতন ঘটিছে । বৰ্তমান দেশখন সেনাৰ সুৰক্ষাত আছে । আমি নিশ্চিতভাৱে আশা কৰো যে তাত থকা সেনাই জনসাধাৰণক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰিব ।" তেওঁ কয় ।
শংকৰাচাৰ্যগৰাকীয়ে লগতে কয়, "আমাৰ ১০ শতাংশ হিন্দু ভাতৃয়ে বাংলাদেশত বাস কৰে আৰু তেওঁলোকৰ নিৰাপত্তাও গুৰুত্বপূৰ্ণ । সেয়েহে আমি তাত থকা সেনা আৰু বৰ্তমান তাত শাসনত থকাসকলক অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ হিন্দু লোকসকলে যেন কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে ।"
"দেশখনত বাস কৰা হিন্দুসকল আপোনাৰ দেশৰ নাগৰিক । আপোনালোকে লাভ কৰা একে ধৰণৰ ব্যৱস্থা, সুবিধা আৰু কাৰ্য প্ৰতিগৰাকী নাগৰিকে লাভ কৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া ।" স্বামীয়ে বাংলাদেশী সেনাক উদ্দেশ্যি কয় ।
"আমি এই প্ৰত্যাশাৰে আপোনাক এই কথা কৈছো । আমি তাত বাস কৰা হিন্দুসকলক ক'ব বিচাৰো- পৰিস্থিতি অনুসৰি ধৈৰ্য ধৰি নিজকে সুৰক্ষিত কৰি ৰাখক আৰু লগতে আপোনালোকৰ দেশৰ বিকাশত অৰিহণা যোগাওক ।" তেওঁ লগতে কয় ।