নেশ্যনেল ডেস্ক, 22 জুলাই:সংৰক্ষণৰ প্ৰসংগক লৈ ছাত্ৰ বিক্ষোভত অগ্নিগৰ্ভা হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ৷পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চুবুৰীয়া দেশখনৰ কোটা প্ৰতিবাদ প্ৰসংগত বিশেষ একো নকওঁ বুলি কোৱাৰ এদিন পিছতে তৃণমূলৰ এগৰাকী সংসদ সদস্যই বিষয়টো সন্দৰ্ভত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে কথা পাতিবলৈ দলটো ইচ্ছুক বুলি প্ৰকাশ কৰে ।
টিএমচিৰ নেতা সুদীপ বন্দ্যোপাধ্যায়ে বিষয়টোত হস্তক্ষেপ কৰি কয়, "পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰয়োজন হ’লে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে কথা পাতিব পাৰে ৷ কাৰণ তেওঁলোকৰ মাজত ভাল সম্পৰ্ক আছে ।"
অসামৰিক সেৱাৰ চাকৰিৰ বাবে দেশখনৰ কোটা ব্যৱস্থাৰ সংস্কাৰৰ দাবীক লৈ বাংলাদেশত উত্তাল প্ৰতিবাদৰ সৃষ্টি হোৱাৰ সময়তে এই মন্তব্য আগবঢ়ায় টিএমচিৰ নেতাগৰাকীয়ে । টিএমচিৰ নেতাগৰাকীয়ে কয়, "বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মমতা দিদিৰ ভাল সম্পৰ্ক আছে । প্ৰয়োজন হ’লে পৰস্পৰে পৰস্পৰৰ সৈতে কথা পাতিব পাৰে ।"
ইফালে, চুবুৰীয়া দেশখনত চলি থকা প্ৰতিবাদৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰে বাংলাদেশৰ পৰা আশ্ৰয় বিচৰা ব্যক্তিসকলক আশ্ৰয় প্ৰদান কৰিব ।
কলিকতাত টিএমচিৰ শ্বহীদ দিৱসৰ সমাৱেশত ভাষণ দি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে দেওবাৰে কয়, "আপোনাৰ পৰিয়ালৰ কোনো সদস্য বা আত্মীয়ই যদি কাম বা পঢ়া-শুনাৰ বাবে বাংলাদেশত আছে তেন্তে চিন্তা নকৰিব । আমি তেওঁলোকক প্ৰয়োজনত সহায় কৰিবলৈ সাজু ৷ যিহেতু বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ গতিকে ভাৰত চৰকাৰে এই বিষয়টোত হস্তক্ষেপ কৰিব ৷ কিন্তু যদি কোনো অসহায় ব্যক্তিয়ে বংগৰ দুৱাৰত টোকৰ মাৰে কাৰণ ৰাষ্ট্ৰসংঘৰ এটা প্ৰস্তাৱত চুবুৰীয়া অঞ্চলসমূহে বিপদত পৰাসকলক সহায় কৰিবলৈ অনুমতি দিয়ে ।