অসম

assam

ETV Bharat / bharat

বাৰাণসীত বেংকক অভিমুখী ভিষ্টাৰা বিমানৰ জৰুৰী অৱতৰণ - Vistara flight emergency landing - VISTARA FLIGHT EMERGENCY LANDING

Vistara flight emergency landing: দিল্লীৰ পৰা বেংকক অভিমুখে গৈ থকা ভিষ্টাৰা এয়াৰলাইনৰ এখন বিমানে শনিবাৰে বাৰাণসীত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় । কিয় জৰুৰী অৱতৰণ কৰিবলগীয়া হ’ল বিমানখনে ? পঢ়ক সবিশেষ...

Vistara flight emergency landing
বাৰাণসীত বেংকক অভিমুখী বিমানৰ জৰুৰী অৱতৰণ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 9:58 AM IST

নেশ্যনেল ডেস্ক,১৮ আগষ্ট : এগৰাকী বিদেশী মহিলা যাত্ৰীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিচতে বেংকক অভিমুখী এখন বিমানে শনিবাৰে বাৰাণসী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে । মহিলাগৰাকীক লগে লগে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

বাৰাণসীত বিমানৰ জৰুৰী অৱতৰণ :

বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে ভিষ্টাৰা বিমান ইউকে ১২১ জৰুৰীকালীন অৱস্থাত বাৰাণসীত অৱতৰণ কৰিব লগা হয় । অসুস্থ মহিলা যাত্ৰীগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু তাৰ পিচত ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় । বিমানখনে পিচত পুৱা প্ৰায় ১০.৩০ বজাত পুনৰ বেংককলৈ ৰাওনা হয় ।

কি হৈছিল ?

জানিব পৰা মতে বিমানখন দিল্লীৰ পৰা পুৱা ৮:৩০ বজাত বেংককলৈ উৰা মাৰিছিল । বিমানখনৰ উৰণৰ প্ৰায় ৪৫ মিনিটৰ ভিতৰত পুৱা প্ৰায় ৯:১৫ মান বজাত মহিলা যাত্ৰীগৰাকী অচেতন হৈ পৰিছিল । যাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা দেখাৰ লগে লগে কেবিন ক্ৰুৱে লগে লগে পাইলটক বিষয়টো অৱগত কৰে । তাৰ পিচত পাইলটজনে নিকটতম বিমানবন্দৰ বাৰাণসী এটিচিৰ সৈতে যোগাযোগ কৰে আৰু চিকিৎসাজনিত কাৰণত জৰুৰী অৱতৰণৰ অনুমতি বিচাৰে ।

পৰিস্থিতিৰ সম্পৰ্কে জনাৰ পিচতে ডাঃ সুজিতৰ নেতৃত্বত বিমানবন্দৰত নিযুক্ত চিকিৎসকৰ এটা দলে এখন এম্বুলেন্স লৈ ৰানৱেত উপস্থিত হয় । য'ত বিমানখন পুৱা ১০ বজাত অৱতৰণ কৰে । চিকিৎসকজনে কোৱা মতে মহিলা যাত্ৰীগৰাকী ডায়েবেটিচ ৰোগী আছিল । হঠাতে দেহত গ্লুকজৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু অচেতন হৈ পৰে ।

লগতে পঢ়ক :লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ : দুৰ্ঘটনা নে ষড়যন্ত্ৰ ? - Sabarmati Express Train Accident

ABOUT THE AUTHOR

...view details