হায়দৰাবাদ :অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ কাৰ্যালয়লৈ আহিল এটা বিশেষ ফোন ৷ ফোনটো কৰিছিল এজন অচিনাক্ত ব্যক্তিয়ে ৷ অচিনাক্ত ব্যক্তিজনে ফোনযোগে অশ্লীল ভাষাত অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণক হত্যাৰ ভাবুকি প্ৰদান কৰে ৷
এই ভাবুকি বাৰ্তা পোৱাৰ পাছতে কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক ঘটনা সন্দৰ্ভত সকলো ব্যক্ত কৰে ৷ তাৰ পাছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় ৷ আৰক্ষীক জনোৱা হয় যে দেওবাৰে নিশা আৰু সোমবাৰে পুৱা বহুবাৰ এই ফোন আহিছিল ।
এই ঘটনাৰ পাছতে আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই ঘটনাৰ তদন্ত আৰম্ভ কৰে, লগতে ভাবুকিভৰা ফোন কৰা অচিনাক্ত ব্যক্তিজনৰ সন্ধানত অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত অভিযান চলায় ৷ কিন্তু সেই নিৰ্দিষ্ট ফোন নম্বৰটোৰ চুইচ অফ হৈ থকাৰ বাবে সোমবাৰে নিশালৈকে তেওঁক বিচাৰি পোৱা নগ’ল ।
আৰক্ষীয়ে উল্লেখ কৰা মতে, পৱন কল্যাণক হত্যাৰ ভাবুকি প্ৰদান কৰা ফোনৰ নম্বৰটো হৈছে ৯৫০৫৫ ০৫৫৫৬ । এই নম্বৰটো এন টি আৰ জিলাৰ থিৰুভুৰৰ মল্লিকাৰ্জুনা ৰাওৰ বুলি জানিব পৰা গৈছে ।
তথ্য মতে, বিজয়াৱাড়াৰ ইন্দিৰা গান্ধী পৌৰসভাৰ এটা টাৱাৰৰ পৰা এই ফোন আহিছিল । এই ঘটনাৰ তদন্তৰ বাবে নগৰ আয়ুক্ত ৰাজেখৰ বাবুৱে টাস্ক ফ’ৰ্চ, বিশেষ শাখা আৰু আইন-শৃংখলা বিভাগৰ আৰক্ষীৰ সৈতে চাৰিটা দল গঠন কৰিছে । ইফালে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰা হৈছে, যদিও ফোনটোৰ চুইচ অফ হৈ থকাৰ বাবে অভিযুক্তৰ উপস্থিতি চিনাক্ত কৰাত কঠিন হৈ পৰিছে ।
ইফালে অন্ধ্ৰ প্ৰদেশৰ গৃহমন্ত্ৰী অনিতালৈও বিগত সময়ত দুবাৰকৈ একেটা নম্বৰৰ পৰা হত্যাৰ ভাবুকিভৰা ফোন আহিছিল । এই সন্দৰ্ভত গৃহমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ফোনত কথা পাতে ৷
লগতে আৰক্ষী সঞ্চালক প্ৰধান দ্বাৰকা তিৰুমালা ৰাওৰ সৈতে ফোনযোগে এই সন্দৰ্ভত আলোচনা কৰে ৷ বাৰে বাৰে সেই একে নম্বৰৰ পৰা ভাবুকিভৰা ফোন আহি আছে । সেয়ে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক নিৰ্দেশ দিয়ে ।