নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচনৰ আগলৈ নিৰ্বাচনী বণ্ডৰ বিতৰ্কই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল । নিৰ্বাচনৰ পিচতো এই নিৰ্বাচনী বণ্ডক লৈ ৰাজনীতি গৰম হৈ আছে । ইফালে নিৰ্বাচনী বণ্ডৰ বিষয়টো আদালতেও পৃথকে পৰ্যালোচনা কৰি আছে । ইয়াৰ মাজতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে । নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধনদাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে আন কেইবাগৰাকীৰ বিৰুদ্ধে । বেংগালুৰুৰ এখন বিশেষ আদালতে এই সন্দৰ্ভত এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে ।
নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধনদাবী
উল্লেখ্য যে জনধিকাৰ সংঘৰ্ষ পৰিষদৰ (জেএছপি) সহ-সভাপতি আদৰ্শ আয়াৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ বিচাৰি বেংগালুৰুৰ বিশেষ জনপ্ৰতিনিধি আদালতত অভিযোগ দাখিল কৰিছিল । তেওঁ অভিযোগ কৰিছিল যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবীৰ ভাবুকি দিয়া হৈছিল ।