নেশ্য়নেল ডেস্ক, 15 মে’:মঙলবাৰে ৰাজস্থানত লিফ্ট খহি সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছৰে পৰা অব্যাহত আছে উদ্ধাৰ অভিযান ৷ ইতিমধ্যে এই দুৰ্ঘটনাত আৱদ্ধ হৈ ৰোৱা 14 জন শ্ৰমিকৰ আটাইকে উদ্ধাৰ কৰি খনিৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছে ৷
অৱশ্যে উদ্ধাৰকাৰ্য সম্পন্ন হোৱাৰ পিছত এজন লোক মৃত্যুমুখত পৰে ৷ এই দুৰ্ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল এছডিআৰএফ আৰু এনডিআৰএফৰ দল ৷ তদুপৰি ঘটনাস্থলীত উপস্থিত আছিল স্থানীয় বিধায়কৰ লগতে জিলা উপায়ুক্ত নীমকথানা শৰদ মেহৰা, আৰক্ষী পৰিদৰ্শক প্ৰবীণ কুমাৰ নায়ক নুনাৱতৰ লগতে শীৰ্ষ আৰক্ষীৰ এটা দল ৷
উল্লেখ্য যে, তামৰ খনিটোত আৱদ্ধ প্ৰতিগৰাকীকে অভিযানকাৰী দলে সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনে । এই দলটোত আছিল কলকাতাৰ পৰা যোৱা ভিজিলেন্স দলৰ উপ মহাপ্ৰৱন্ধক এ কে শৰ্মা, মেনেজাৰ প্ৰীতম সিং আৰু হৰ্ষিৰামকে ধৰি আন আন বিষয়াসকল ৷ চিকিৎসা দলটোৰ মুৰব্বী ডাঃ মহেন্দ্ৰ চাইনী আৰু ডাঃ প্ৰবীণ শৰ্মাই এই কথা নিশ্চিত কৰে ।