নেশ্য়নেল ডেস্ক, ১৭ এপ্রিল:গুজৰাটৰআহমদাবাদ-বদোদৰা এক্সপ্ৰেছ ঘাইপথ দুঃস্বপ্নলৈ পৰ্যৱসিত হৈছে । কিয়নো এই পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে । ইয়াৰ মাজতে এই পথত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় । গাড়ী-ট্ৰেইলাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ১০ জন লোক ঘটনাস্থলীতে নিহত হয় । এই দুৰ্ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত হোৱা আহমেদাবাদ-বদোদৰা এক্সপ্ৰেছ ঘাইপথটো আকৌ এবাৰ ৰক্তক্ষয়ী হৈ পৰে । উল্লেখ্য় যে বদোদৰাৰ পৰা আহমেদাবাদলৈ দ্ৰুত গতিত অহা এখন গাড়ী ট্ৰেইলাৰৰ পিচফালৰ অংশৰ সৈতে সংঘৰ্ষ হয় । এই ভয়াৱহ দুৰ্ঘটনাটোত ১০জন যাত্ৰীৰ মৃত্যু হয় ।
বুধবাৰে নাদিয়াদৰ ওচৰৰ আহমেদাবাদ-বদোদৰা এক্সপ্ৰেছ ঘাইপথত এখন ট্ৰেইলাৰৰ পিচফালে গাড়ীখনে তীব্ৰগতিত খুন্দা মৰাৰ ফলত এই ১০ জন লোকৰ মৃত্য়ু হয় । এই সংঘৰ্ষ ইমানেই শক্তিশালী আছিল যে গাড়ীখনৰ ক্ষতিসাধন হয় । ৰাইজৰ সহযোগত আৰক্ষীয়ে বহু চেষ্টা কৰি মৃতদেহকেইটা গাড়ীৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ।