অসম

assam

ETV Bharat / bharat

অভিশপ্ত শনিবাৰ ! শ্ৰেণীকোঠাত পঢ়ি থাকোতেই প্ৰাণ গ'ল তিনি শিক্ষাৰ্থীৰ - ARUNACHAL STUDENTS DEATH

কোনেও টলকিবই নোৱাৰিলে, মুহূৰ্ততে ঘটি গ'ল ভয়ংকৰ অঘটনটো ৷ হুৰহুৰকৈ খহি পৰিল বিদ্যালয়খনৰ এটা বিশাল পানী টেংকী ৷

Representational Image
প্ৰতিনিধিত্বমূলক ফটো (ANI)

By ETV Bharat Assamese Team

Published : 6 hours ago

গুৱাহাটী:শনিবাৰৰ দিনটো যেন সঁচাকৈয়ে কালিকা লগা আছিল অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ এখন বিশেষ বিদ্যালয়ৰ বাবে ! আনদিনাৰ দৰে আজিও সেইকণ সময়ত বিদ্যালয়খনত পাঠদান চলি আছিল ৷ তলৰ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰী পঢ়াত নিমগ্ন আছিল নিজা নিজা শ্ৰেণীকোঠাত ৷

তেনেকুৱাতে কোনেও টলকিবই নোৱাৰিলে, মুহূৰ্ততে ঘটি গ'ল ভয়ংকৰ অঘটনটো ৷ হুৰহুৰকৈ খহি পৰিল বিদ্যালয়খনৰ এটা বিশাল পানী টেংকী ৷ টেংকীটো খহি পৰিল বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ ওপৰত ৷ ইয়াৰ পৰৱৰ্তী দৃশ্য কিমান শোকাবহ হ'ব পাৰে সেয়া সহজেই অনুমেয় ৷ বিদ্যালয়খন হৈছে নাহৰলাগুনৰ ছিনিয়ৰ আলফঞ্চা স্কুল ৷

এই শোকাবহ ঘটনাটোত শ্ৰেণীকোঠাতে প্ৰাণ হেৰুৱালে একম বাগাং, ৰেই দ'ল আৰু মাৰ্ছু ডুবি নামৰ নৱম শ্ৰেণীৰ তিনিগৰাকী শিক্ষাৰ্থীয়ে ৷ বাকী আহত শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ লৈ যোৱা হয় চিকিৎসালয়লৈ ৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে এই অঘটনটোত গুৰুতৰভাৱে আহত হোৱা বিদ্যালয়খনৰ আন দুগৰাকী শিক্ষাৰ্থী ক্ৰমে ষষ্ঠ শ্ৰেণীৰ লিচা বুটুম আৰু অষ্টম শ্ৰেণীৰ টক' ডলুম ৷

ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নাহৰলাগুন আৰক্ষীয়ে বিদ্যালয়খনৰ স্বত্বাধিকাৰী, অধ্যক্ষ আৰু চাৰিগৰাকী ৱাৰ্ডেনকে ধৰি মুঠ ছজন লোকক আটক কৰিছে ৷ এই কথা জানিবলৈ দিছে জিলা আৰক্ষী অধীক্ষকে ৷ আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে বিদ্যালয়খনৰ চৌহদটো চীল কৰা হৈছে ৷

আনহাতে এই ঘটনাৰ পিছত প্ৰতিবাদ কৰিবলৈ ওলাই অহা ক্ষুব্ধ জনতাক নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে নিৰাপত্তা বাহিনীও মোতায়েন কৰা হৈছে ৷ আৰক্ষীয়ে কয়- " কেনেকৈ আৰু কাৰ ভুলৰ বাবে এই শোকাবহ ঘটনাটো ঘটিল সেই বিষয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে ৷"

লগতে পঢ়ক:বৰণ সলাইছে অৰুণাচলৰ পূব ছিয়াং পাহাৰে

ABOUT THE AUTHOR

...view details