অমৃতসৰ : আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয় অবৈধ প্ৰব্ৰজনকাৰীৰ ভিতৰত বুধবাৰে আবেলি অমৃতসৰৰ শ্ৰীগুৰু ৰামদাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১০৪ জনে অৱতৰণ কৰে । তেওঁলোকক আমেৰিকাৰ এখন সামৰিক বিমানেৰে ভাৰতলৈ অনা হয় ।
সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, বিতাড়িত ১০৪ জনৰ ভিতৰত পঞ্জাবৰ ৩০ জন, গুজৰাট আৰু হাৰিয়ানাৰ ৩৩ জন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ তিনিজন আৰু চণ্ডীগড়ৰ দুজনকৈ লোক আছে ।
অৱশ্যে ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে 205 জন ভাৰতীয়ক ড'নাল্ড ট্ৰাম্প প্ৰশাসনে বিতাড়িত কৰিছে । কিন্তু এতিয়ালৈকে বিতাড়িসকলৰ সঠিক সংখ্যা সম্পৰ্কে কোনো আনুষ্ঠানিক নিশ্চিতি লাভ কৰা হোৱা নাই । আমেৰিকাৰ সামৰিক বিমান চি-১৭ গ্লোবমাষ্টাৰ এইসকল অবৈধ প্ৰব্ৰজনকাৰীক লৈ মঙলবাৰে টেক্সাছৰ ছান এণ্টনিঅ'ৰ পৰা অমৃতসৰলৈ ৰাওনা হৈছিল । বিমানখন পুৱা 9 বজাত অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল যদিও অৱশেষত দুপৰীয়া 1.55 বজাত অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে ।
আমেৰিকাই বিতাড়ন কৰা ১০৪ ভাৰতীয়ৰ অমৃতসৰ বিমানবন্দৰত অৱতৰণ (ETV Bharat) উল্লেখ্য যে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ক্ষমতা অহাৰ লগে লগে দেশখনলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে । তাৰেই অংশ হিচাপে ইতিমধ্যে দেশখনৰ পৰা বিতাড়ন কৰা ২০৫ জন ভাৰতীয় বুধবাৰে ভাৰতত উপস্থিত হোৱাৰ কথা আছিল । ইফালে বিমানখনে আমেৰিকাৰ পৰা উৰামৰাৰ পিছতে অমৃতসৰ বিমানবন্দৰত যথেষ্ট ভিৰ হয় ।
আনহাতে, নিৰ্বাসিত ভাৰতীয়সকলৰ পৰিয়ালৰ সদস্যসকল বিমানবন্দৰত উপস্থিত হয় । তথ্য অনুসৰি, আমেৰিকাৰ পৰা অহা বিমানখনত 11 জন ক্ৰু সদস্য আৰু 45 জন আমেৰিকান বিষয়াও আছে । ইয়াৰ বাবে ভাৰতীয় সুৰক্ষা সংস্থাসমূহক অমৃতসৰ বিমানবন্দৰত মোতায়েন কৰা হয় ।
অপৰাধমূলক পটভূমি পৰীক্ষাৰ বাবে সতৰ্ক সুৰক্ষা সংস্থা
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, আমেৰিকান বিমানখনত অহা সকলো লোকৰ নথিপত্ৰ অমৃতসৰ বিমানবন্দৰত পৰীক্ষা কৰা হৈছে । ইমিগ্ৰেচন আদিৰ উপৰি এই লোকসকলৰ সমগ্ৰ পটভূমি, বিশেষকৈ অপৰাধৰ তথ্যও পৰীক্ষা কৰা হ'ব । যদি কাৰোবাৰ অপৰাধমূলক ৰেকৰ্ড আছে, তেন্তে তেওঁক বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰা হ'ব । তথ্য অনুসৰি, আমেৰিকাৰ পৰা বিতাড়িত এই ভাৰতীয়সকলৰ ভিতৰত এনে কিছু লোকো থাকিব পাৰে, যিয়ে ভাৰতত অপৰাধ কৰাৰ পিছত আমেৰিকালৈ পলাই গৈছিল ।
ট্ৰাম্পৰ বিতাড়ন পৰিকল্পনা
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি গণ 'বিতাড়ন পৰিকল্পনা'ৰ অধীনত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিছে । ট্ৰাম্প প্ৰশাসনে বিশেষকৈ নথিভুক্ত অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পিছত টেক্সাছৰ পৰা 205 গৰাকী ভাৰতীয় নাগৰিকক লৈ আমেৰিকাৰ সামৰিক বিমানখন ভাৰতলৈ অহাৰ খবৰ লাভ কৰা হৈছিল ।
1.5 নিযুত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আমেৰিকাৰ
আনহাতে, সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি প্ৰায় ১.৫ নিযুত লোকক বিতাড়নৰ বাবে ইতিমধ্যে চিনাক্ত কৰা হৈছে । ইয়াৰ ভিতৰত আছে ১৮,০০০ ভাৰতীয়ও । তেওঁলোকৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে । তাৰে ভিতৰত ১০৪ গৰাকী ভাৰতীয় নাগৰিকক লৈ প্ৰথমখন চি-17 সামৰিক বিমান অমৃতসৰত অৱতৰণ কৰে । আনহাতে, বিমানখনত আৰোহণ কৰা সকলো লোকক ইতিমধ্যে ভাৰত চৰকাৰে পৰীক্ষা কৰিছে । উল্লেখ্য যে ট্ৰাম্পৰ এই গণ বিতাড়নৰ পৰিকল্পনাৰ দ্বাৰা আমেৰিকাত বাস কৰা বৃহৎসংখ্যক ভাৰতীয় লোক প্ৰভাৱিত হ'ব ।