কলিয়াবৰত ধুমুহা-বৰষুণৰ ফলত ব্যাহত উজনি-নামনিৰ যাতায়ত - গছ বাগৰি বন্ধ হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ
🎬 Watch Now: Feature Video
কলিয়াবৰৰ চতিয়ালত দেওবাৰে শেষ নিশা হোৱা ধুমুহা বৰষুণৰ ফলত গছ বাগৰি বন্ধ হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ(37 National Highway) ৷ ৰাষ্ট্ৰীয় ঘাইপথটোত দুখনকৈ বাহনৰ ওপৰত গছ বাগৰি পৰাত ক্ষতিগ্ৰস্ত হয় বাহনকেইখন ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহু যাত্ৰী । ৰাজপথৰ ওপৰত গছ পৰি উজনি-নামনিৰ যাতায়ত স্তব্ধ হৈ পৰাত চতিয়ালৰ স্থানীয় ৰাইজে নিশাই পথত ভাগি পৰা গছ কাটি পথ মোকলোৱাৰ ব্যৱস্থা কৰে । তদুপৰি, বহু ঠাইত গছ-গছনি ভঙাৰ লগতে ঘৰ-দুৱাৰৰো বিস্তৰ ক্ষতি হয়(Heavy damage caused by storm in Nagaon) । বিদ্যুৎ বিভাগৰো খুঁটা-তাঁৰৰ বিস্তৰ ক্ষতি হয়(Storm lashes Assam) ।