ৰহাত জালনোট সৰবৰাহকাৰী লৈ আৰক্ষীৰ গুলীচালনা - Fake currency smuggling in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 21, 2022, 8:07 PM IST

ৰাজ্যত পুনৰ সক্ৰিয় জালনোট সৰবৰাহকাৰী চক্ৰ(Fake currency smuggling in Assam) । জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী(Assam Police against fake currency) । ৰহাত দিনৰ পোহৰতে জালনোট সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা । প্ৰায় পঞ্চাশ লাখ জালনোটসহ দুটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । গোপন সূত্ৰৰ পম খেদি নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জালনোট সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই । অভিযানত AS2A G 4379 নম্বৰৰ এখন এল্টো বাহনক আগুচি ধৰে আৰক্ষীৰ দলটোৱে । কিন্ত সৰবৰাহকাৰী চক্ৰটোৱে আৰক্ষীৰ বাহনক খুন্দিয়াই পলায়নৰ চেষ্টা চলাওতেই আৰক্ষীয়ে বাগনখনলৈ লক্ষ্য কৰি কেইবাজাঁই গুলী চলাই দুটাকৈ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও এজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষীৰ গুলী ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এখন এম্বুলেঞ্চত লগাত কথমপি ৰক্ষা পৰে এম্বুলেঞ্চখনৰ যাত্ৰী তথা ৰোগী । উল্লেখ্য বৰ্তমানেও আৰক্ষীয়ে জালনোট সৰবৰাহকাৰীকেইটাৰ নাম সদৰি কৰা নাই যদিও পলায়ন কৰা সৰবৰাহকাৰীটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.