ডলু চাহ বাগিচাৰ ভূমিত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা গ্ৰামীণ শ্ৰমিক সন্থাৰ - ডলু চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ
🎬 Watch Now: Feature Video
কাছাৰ জিলাৰ বৃহত্তম চাহ বাগিচা ডলু চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰাৰ (Construction of greenfield airport on dolu tea garden) বাবে গ্ৰহণ কৰা প্রস্তাৱৰ বিৰোধিতা কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই (Sadou Asom Gramin Sramik Santha)। ইফালে, ডলু চাহ বাগিছাৰ চাহ শ্ৰমিকসকলে শান্তিপূৰ্ণ তথা ঐক্যবদ্ধভাৱে যি আন্দোলন অব্যাহত ৰাখিছে সেই আন্দোলনত সমৰ্থন আগবঢ়োৱা শ্ৰমিক সন্থাটোৰ লগতে শাসনাধিষ্ঠিত চৰকাৰখনক পুঁজিপতিৰ চৰকাৰ বুলি কৈ কঠোৰ ভাষাৰে সমালোচনা কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই । ইয়াৰ উপৰিও নেতাজনে ৰাইজক ঐক্যবদ্ধ আন্দোলনৰ কাৰ্য্যসূচী গঢ়ি তুলিবলৈ আহ্বান জনাই ৷