পহিলা ব'হাগ উপলক্ষে টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ - পহিলা বহাগ অৰ্থাৎ মানুহ বিহু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15026183-82-15026183-1650020279882.jpg)
আজি পহিলা ব'হাগ অৰ্থাৎ মানুহ বিহু । পহিলা ব'হাগৰ দিনাই ৰাজ্যৰ প্ৰতিটো ধৰ্মীয় স্থানত ভক্তৰ ভিৰ পৰিলক্ষিত হয় ৷ সমান্তৰালকৈ পহিলা ব'হাগৰ দিনা পুৱাৰ পৰাই ভক্তই ভিৰ কৰিছেহি টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত (Devotees throng at Dhekiakhowa Bornaamghar in Jorhat) ৷ সৰুৱে মান্যজনক সেৱা, সাক্ষাৎ কৰি আশীৰ্বাদ লৈছে যাতে আগন্তুক দিনবোৰ সুখ-শান্তিৰে পাৰ হয় ৷ ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়েও সৰ্ব মংগল কামনা কৰি মাধৱ গুৰুজনাই নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তিত তেল দি সকলোৰে হৈ এখনি শৰাই আগবঢ়াই বিশ্ববাসীৰ মংগল কামনা কৰে । চাওক এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...