আপোন মানুহ হ’লেও বেয়া কামৰ শাস্তি পাবই লাগিব: কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদ - কৰিমগঞ্জত হেৰ’ইন জব্দ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15830436-thumbnail-3x2-bvnb.jpg)
বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদৰ(Congress MLA Siddique Ahmed) সম্পৰ্কীয় ভাতৃ আফতাৰ হুছেইনক আৰক্ষীয়ে কেইবা কোটি টকা মূল্যৰ হেৰ’ইনসহ আটক কৰিছিল । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত বাৰইগ্ৰাম পেচাৰপাৰ পথৰ কাঠালগুল এলেকাত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত জব্দ হৈছিল হেৰ’ইনখিনি (Heroin seized in Karimganj) ৷ শুকুৰবাৰে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমাজত বেয়া কাম কৰা মানুহে শাস্তি পাব লাগে, তেওঁ লাগিলে আপোন মানুহ হওঁক- এই বুলি মন্তব্য কৰে ছিদ্দিক আহমেদে ৷ লগতে প্ৰশাসনে তেওৰ ভাতৃক যি শাস্তি প্ৰদান কৰে কৰিব পাৰে । তাত কোনো বাধা নাই বুলিও উল্লেখ কৰে নিলম্বিত বিধায়কগৰাকীয়ে ৷