মাচুলৰ বাবদ প্লাষ্টিক গ্ৰহণ কৰা এখন বিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 7, 2019, 3:09 PM IST

মহানগৰীৰ পামহিৰ এখন বিশেষ বিদ্যালয়। বিদ্যালয়খনত শিক্ষাৰ্থীয়ে মাচুল হিচাপে দিব লাগে প্লাষ্টিকৰ বেগ। টকা পইচা নহয়, পৰিৱেশ প্ৰদূষণকাৰী প্লাষ্টিকৰ বিনিময়ত শিক্ষা প্ৰদান কৰা হয় এইখন বিদ্যালয়ত ৷ পৰিৱেশ সংৰক্ষণৰ বাবে বিদ্যালয়খনে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। 2016 চনত দ্বীপৰ বিলত সমীপত অক্ষৰ ফৰাম নামৰ এটা বেচৰকাৰী সংস্থাই স্থাপন কৰিছিল এইখন বিদ্যালয় ৷ সপ্তাহৰ এটা দিনত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত জমা দিব লাগে প্লাষ্টিকৰ টোপোলা৷ এই প্লাষ্টিকসমূহ প্লাষ্টিক বটলত ইটা হিচাপে প্ৰস্তুত কৰি নিৰ্মাণ কাৰ্যতো ব্যৱহাৰ কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.