ৰাস সম্পৰ্কীয় ক'ভিড SOPক লৈ বিপাঙত ৰাস উদযাপন সমিতি - শিশু কৃষ্ণৰ লীলা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 12, 2021, 2:58 PM IST

ৰাজ্যত ক'ভিডৰ (Covid) সংক্ৰমণ অব্যাহত আছে যদিও ঠায়ে ঠায়ে ৰাসৰ প্ৰস্তুতি আৰম্ভ হৈছে । বহু ঠাইত চলিছে শ্ৰীকৃষ্ণ ৰাসৰ আখৰা । ব্যতিক্ৰম নহয় যোৰহাট জিলাও । জিলাখনৰ টীয়কৰ বাম কুকুৰাচোৱাৰ ৰংগমঞ্চত দিনে নিশাই চলিছে ৰাসৰ আখৰা । কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ক'ভিড এছ'অপিক (Covid SOP) লৈ বিপাঙত পৰিছে ৰাস উদযাপন সমিতি । ৰাস সম্পৰ্কীয় SOP ত চৰকাৰে ১০ বছৰ তলৰ শিশুসকলক ৰাসত অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰিছে । কিন্তু ৰাস সমিতিসমূহে এই ক্ষেত্ৰত আপত্তি দৰ্শাইছে । তেওঁলোকৰ মতে শিশু অবিহনে ৰাস উদযাপন সম্ভৱ নহয় । কিয়নো শিশু কৃষ্ণৰ লীলা ৰাসৰ অন্যতম অংশ । ইফালে পৰম্পৰাগতভাৱে চলি অহা ৰাসৰ নাট্যৰূপ সলনিও অসম্ভৱ । যাৰ বাবে সমস্যাত পৰিছে ৰাস উদযাপন সমিতি । সেয়েহে বিজ্ঞজনৰ লগত আলোচনা কৰি ৰাস সম্পৰ্কীয় SOP ত কিছু শিথিলতা আনিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৰাসৰ উদ্যোক্তাসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.