কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী মুৰ্দাবাদ ধ্বনিৰে উত্তাল দুলীয়াজান - Minister Rameshwar Teli's home Constituency
🎬 Watch Now: Feature Video
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ চহৰ দুলীয়াজানত পথ মেৰামতিৰ দাবীত সোমবাৰে ৰাজপথলৈ ওলাই আহে স্থানীয় ৰাইজ ৷ দুলীয়াজানৰ কমলাবাৰীৰ ১৬ নং তিনিআলিৰ মূলপথটো দীৰ্ঘদিনৰ পৰা মেৰামতি নোহোৱা বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি কোনো কাণসাৰ নাই দুলীয়াজানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰছ গোৱালাৰ ৷ যাৰ বাবে সোমবাৰে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুলীয়াজানবাসীৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে অৰ্ধসামৰিক বাহিনীৰ সহায় লোৱা পৰিলক্ষিত হয় । কম দিনৰ ভিতৰত পথ চোৱা মেৰামতি ব্যৱস্থা নকৰিলে ইয়াতকৈ অধিক তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।