জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীক ৰাজনীতি নকৰিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ - মুখ্যমন্ত্ৰী
🎬 Watch Now: Feature Video
ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰিবলৈ লোৱা জনসংখ্যা নীতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে বিৰোধী দলপতি গৰাকীয়ে কয় যে, জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ কেৱল বিজেপিয়েহে যে একক প্ৰচেষ্টা চলাইছে মুখ্যমন্ত্ৰীয়ে তেনে এক ধাৰণা দিবলৈ চেষ্টা চলাইছে । কিন্তু সেয়া শুদ্ধ নহয় । কিয়নো, দেশত পূৰ্বৰ কংগ্ৰেছ চৰকাৰেই "হাম দো হামাৰে দো" শ্ল'গানেৰে জনসংখ্যা ৰোধ কৰাৰ আঁচনি লৈছিল । কংগ্ৰেছ চৰকাৰৰ দিনতে কেন্দ্ৰত শিক্ষা বিভাগৰ নাম সলনি কৰি মানৱ সম্পদ বিভাগ নাম দিয়া হৈছিল ৷ যাতে এইধৰণৰ বিষয়বিলাকো বিভাগটোৱে চকু দিব পাৰে । সেয়েহে জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি নকৰাই উচিত বুলি কয় দেৱব্ৰত শইকীয়াই ।