thumbnail

By

Published : Nov 20, 2019, 4:55 PM IST

ETV Bharat / Videos

অসমীয়াৰ ঐতিহ্য মুগা কিমান দিনলৈ ! গুৰুত্ব দিবনে চৰকাৰে ?

চৰকাৰৰ অৱহেলাত ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ গতি কৰিছে বিশ্বজুৰি সমাদৰ থকা অসমীয়াৰ স্বাভিমান মুগা উৎপাদনে। মুগা মেখেলা-ৰিহাৰ সমাদৰ তথা মূল্য অধিক যদিও মুগা সূতা উৎপাদনত আহি পৰিছে বহু জটিলতা। লখিমপুৰ আৰু ধেমাজি জিলাৰ গাঁও সমূহৰ এই পৰিচয় ক্ৰমান্বয়ে নোহোৱাৰ উপক্ৰম হৈছে। কাৰণ মুগা কাপোৰৰ সমাদৰ বাঢ়িলেও উৎপাদন কমিছে মুগা সূতাৰ। কাৰণ মুগা পালক সকলে নাপায় চৰকাৰী কোনো সুবিধা ৷ বিয়াগোম ৰেচম বিভাগৰো কোনো গুৰুত্ব নাই উদ্যোগটোৰ প্ৰতি। গোগামুখ ধেমাজি ঢকুৱাখনা আদি অঞ্চল সমূহৰ প্ৰতিটো পৰিয়ালে মুগা পালন কৰি পৰিয়াল পোহ-পাল দিয়ে ৷ কিন্তু বৰ্তমান সময়ত এই মুগা সূতাৰ বজাৰ মন্দা। কাৰণ মুগা উৎপাদনৰ বাবে প্ৰয়োজনীয় সঁচৰ অভাৱ । ৰেচম বিভাগে যোগান ধৰা সঁচৰ পৰা উপকৃত নহয় মুগা পালকসকল । পালকক যোগান ধৰে চোম গছৰ লগতে প্ৰতিটো জাতৰ কঠিয়া। চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছে ১১ শ মুগা পালকক লৈ গঠিত ছচাইটিখনো। কাগজে কলমে চৰকাৰে মোকলাই দিয়ে লাখে লাখে টকা কিন্তু কাৰ্যতঃ সেই ধন নাপাই মুগা পালকে। ঢকুৱাখনা ধেমাজি আদি অঞ্চল সমূহত থকা ৰেচম বিভাগৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে মুগা পালকৰ বাবে কোনো ধৰণৰ কাম নকৰাৰো অভিযোগ মুগা পালক সকলৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.