মাজুলীত পথ নিৰ্মাণত দূৰ্নীতি; ক্ষোভিত ৰাইজ
🎬 Watch Now: Feature Video
মাজুলীত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ ৷ ২০১৮ বৰ্ষৰ মাৰ্চ মাহত প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত হেমন্ত বৰা নামৰ ঠিকাদাৰ জনৰ "পুছ-ফাছ" নামৰ নিৰ্মাণ প্ৰতিস্থানটোৱে লাভ কৰিছিল চমহিয়াআটী-বৰবিল বেবেজিয় গড়কাপ্তানি পথ নিৰ্মাণৰ নিবিদা । কিন্তু পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি ৭ কোটি ৫০ লাখ টকা লুণ্ঠনৰ ফন্দি তৈয়াৰ কৰিছে এই নিৰ্মাণ প্ৰতিষ্ঠানটোৱে । বিভাগীয় বিষয়াই মাত্ৰ এগৰাকী মহৰিৰ হাতত পথটোৰ চোৱাচিটাৰ সকলো দায়িত্ব এৰি দিয়াৰ পৰিণতিত ঠিকাদাৰে নিজৰ মতে যত ৬ ইঞ্চি চেন্ট-গ্ৰেভেল পেলাব লাগে তাত ১ ইঞ্চি আৰু বৃহৎ শিল পেলাইছে । লগতে এটা বছৰ পাৰ হৈ যোৱাৰ পাছটো পথটোৰ চেন্ট গ্ৰেভেলেই সম্পূৰ্ণ কৰিবলৈ সমৰ্থ নহ'ল ঠিকাদাৰ । যাৰ বাবে এতিয়া নিৰ্মাণ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষোভত ফাতি পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন ৷