ETV Bharat / sports

টেইলৰ ফ্ৰিটজক পৰাস্ত কৰি এ টি পি ফাইনেলৰ খিতাপ দখল য়ানিক ছিনাৰৰ - JANNIK SINNER WINS ATP FINALS

এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলত টেইলৰ ফ্ৰিটজৰ বিৰুদ্ধে আশ্চৰ্যজনক জয়ৰ পিছত ইটালীৰ য়ানিক ছিনাৰৰ অভিলেখ পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ ৷

Jannik Sinner Wins ATP Finals
য়ানিক ছিনাৰ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 18, 2024, 7:43 PM IST

স্প’ৰ্টছ ডেস্ক: য়ানিক ছিনাৰে চলিত ছিজনটো নিজা ষ্টাইলৰে সমাপ্ত কৰি প্ৰথমবাৰৰ বাবে এ টি পি ফাইনেলৰ ট্ৰফী জয় কৰে ৷ এয়া আছিল খেলুৱৈগৰাকীৰ বাবে বছৰৰ অষ্টমটো খিতাপ দখলৰ জয় ৷

এ টি পি ৱৰ্ল্ড ট্যুৰৰ ফাইনেলত ঘৰৰ মাটিত প্ৰথমটো খিতাপ দখল কৰে ছিনাৰে । 2024 চনত ছিনাৰৰ খিতাপ জয়ৰ ধাৰা আৰম্ভ হৈছিল অষ্ট্ৰেলিয়ান অ’পেন জয়ৰ পৰা ।

ফ্ৰিটজক পৰাস্ত কৰি অভিলেখ পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ ছিনাৰৰ

য়ানিক ছিনাৰে টুৰিনত প্ৰথমটো এ টি পি ফাইনেল ট্ৰফীৰ বাবে আমেৰিকাৰ টেইলৰ ফ্ৰিট্জক পৰাস্ত কৰি বিশাল পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰে । ঘৰুৱা ফেভাৰিটগৰাকীয়ে টেইলৰ ফ্ৰিট্জক 6-4, 6-4 ছেটত পৰাস্ত কৰি দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় ৷

প্ৰতিযোগিতাখনৰ 55 বছৰীয়া ইতিহাসত এই সন্মানীয় খিতাপ দখলকাৰী প্ৰথমগৰাকী ইটালীৰ চেম্পিয়নত পৰিগণিত হয় ছিনাৰ । ছিনাৰে 4,881,500 ডলাৰ (ভাৰতীয় টকাৰ হিচাপত প্ৰায় 41 কোটি 35 লাখ টকা) ৰ চেক পুৰস্কাৰৰ ধন হিচাপে লাভ কৰে ৷ যিটো পেছাদাৰী টেনিছৰ জগতখনত সৰ্ববৃহৎ পুৰস্কাৰৰ ধন ।

এ টি পি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন

প্ৰতিযোগিতাখনত 23 বছৰীয়া যুৱকজনৰ আকৰ্ষণীয় প্ৰদৰ্শনে তেওঁক পাঁচোখন মেচত কোনো ছেটত পৰাস্ত নোহোৱাকৈ জয়ী হোৱাত সহায় কৰিছিল । ছিনাৰে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি ফাইনেলত তেওঁৰ মুঠ পইণ্টৰ প্ৰায় 83 শতাংশ জয় কৰে ৷

এতিয়াও অধিক উন্নতিৰ প্ৰয়োজন

"মই সঁচাকৈয়ে ভাবো যে এতিয়াও উন্নতিৰ অভাৱ আছে" ফ্ৰিটছৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনৰ পিছত টেনিছ 365-ৰ আগত সদৰী কৰিছিল ছিনাৰে ৷

"আজি মই কেতিয়াবা খুব ভাল প্ৰদৰ্শন আগবঢ়াইছিলো, যিটো গোটেই প্ৰতিযোগিতাখনত নাছিল । এতিয়াও কিছুমান শ্বট আৰু পইণ্ট আছে, যিবোৰ মই কেতিয়াবা উন্নত কৰিব পাৰো ৷ কিন্তু সেইবোৰ সৰু তথা তেনেই সূক্ষ্ম" বুলি খেলুৱৈগৰাকীয়ে লগতে কয় ৷

"এই বছৰ মোৰ লক্ষ্য আছিল প্ৰতিখন খেল সৰ্বশ্ৰেষ্ঠভাৱে খেলিবলৈ চেষ্টা কৰা । এয়া এটা আশ্চৰ্যকৰ বছৰ আছিল । আমি অহা বছৰ চাম । সকলোবোৰ অতি দ্ৰুত আৰু দ্ৰুততাৰে সলনি হ'ব পাৰে । আমি সৰ্বশ্ৰেষ্ঠ উপায়েৰে প্ৰস্তুতি কৰিম" বুলিও ছিনাৰে কয় ।

য়ানিক ছিনাৰৰ শীৰ্ষস্থান লাভ

2024 চনৰ বিশ্বৰ 4 নম্বৰত ছিজন আৰম্ভ কৰা ইটালীৰ য়ানিক ছিনাৰ এ টি পি ৰেংকিঙৰ ইতিহাসত বিশ্বৰ এক নং স্থানলৈ উন্নীত হয় ৷ এনেদৰে বিশ্বৰ শীৰ্ষস্থান লাভ কৰা য়ানিক হৈছে দেশৰ প্ৰথমগৰাকী খেলুৱৈ ৷

2024 বৰ্ষত ছিনাৰে জয় কৰা খিতাপসমূহ

  • এ টি পি ফাইনেল
  • এ টি পি মাষ্টাৰ্ছ 1000 ছাংহাই (হাৰ্ড)
  • ইউ এছ অপেন (হাৰ্ড)
  • এ টি পি মাষ্টাৰ্ছ 1000 ছিনচিনাটি (হাৰ্ড)
  • হেলে (গ্ৰাছ)
  • এ টি পি মাষ্টাৰ্ছ 1000 মিয়ামি (হাৰ্ড)
  • ৰটাৰডাম (হাৰ্ড)
  • অষ্ট্ৰেলিয়ান অ’পেন (হাৰ্ড)

লগতে পঢ়ক: য়ানিক ছিনাৰৰ শিৰত ইউ এছ অ’পেনৰ চূড়ান্ত খিতাপ: লগে লগে হৈ পৰিল কোটিপতি - US Open 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.