অসমীয়া জাতিৰ বাবে লুৰিণ-অখিল ভয়াৱহ : জয়ন্ত মল্ল বৰুৱা - লোকসভা সমষ্টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13236255-thumbnail-3x2-news.jpg)
উপ নিৰ্বাচনত কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা চূড়ান্ত হোৱাৰ পাছতে এই মিত্ৰতাকলৈ শুকুৰবাৰে নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । শ্বহীদক অপমান কৰা কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ জাতীয়তাবাদৰ নামত কলংক বুলি মন্তব্য কৰে নলবাৰীৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই । আনহাতে, বিধায়ক শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ পাছত তেওঁৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ৷ বিধায়ক শ্বেৰমান আলীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰে সাংসদ ওজাই । অসমত অসমীয়া হৈ থাকিবলৈ হ’লে এই ধৰণৰ মন্তব্য দিয়াৰ পৰা শ্বেৰমান আলীক বিৰত থকাৰ সকীয়নি প্ৰদান কৰে গুৱাহাটী সমষ্টিৰ সাংসদ গৰাকীয়ে ৷ তেওঁ শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী জনায় ৷ তদুপৰি, প্ৰৱঞ্চক মৃদুপৱন নেওগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ওজাই ৰাজনৈতিক নেতাৰ সৈতে ফটো উঠাটো একো ডাঙৰ কথা নহয় বুলি মন্তব্য কৰি মৃদুপৱনে দোষ কৰিলে গ্ৰেপ্তাৰ হ'ব লাগিব বুলি প্ৰকাশ কৰে সাংসদ কুইন ওজাই ৷