thumbnail

By

Published : Sep 1, 2021, 7:43 PM IST

ETV Bharat / Videos

কৰ্কট ৰোগৰ ক্ষেত্রত দেশৰ ভিতৰতে শীৰ্ষ স্থানত উত্তৰ-পূৰ্বাঞ্চল

ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী ৷ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে প্ৰকাশ কৰিলে বহু গুৰুত্বপূৰ্ণ তথ্য ৷ ডাঃ কটকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ১১.৯ শত‍াংশ কৰ্কট ৰোগীৰ মূল কাৰণ হৈছে ধঁপাত সেৱন ৷ ৰাজ্যখনত বছৰি কৰ্কট ৰোগত আক্ৰান্ত হয় ৩১ হাজাৰ লোক ৷ তাৰোপৰি দেশত বছৰি চিনাক্ত হয় প্ৰায় ১৪ লাখ লোক ৷ কৰ্কট ৰোগীৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান তৃতীয় ৷ শীৰ্ষত আছে উত্তৰ-পূৰ্বাঞ্চলৰে ৰাজ্য মিজোৰাম ৷ কৰ্কট ৰোগৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল হৈ পৰিছে দেশৰ মূল কেন্দ্ৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.