ৰঙিয়াৰ বালিসত্ৰত গ্ৰাম্য বিকাশ মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ - কামৰূপ জিলাৰ 25 খন গাঁৱৰ 25 গৰাকী মহিলাক চিলাই মেচিন প্ৰদান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13297268-thumbnail-3x2-p1.jpg)
ৰঙিয়াৰ বালিসত্ৰত গ্ৰাম্য বিকাশ মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ ৷ ক'ভিড সৃষ্ট পৰিৱেশে জুৰুলা কৰা 25 খন গাঁৱৰ মহিলাক বিনামূলীয়াকৈ মঞ্চটোৱে যোগান ধৰিছে চিলাই মেচিন ৷ কামৰূপ জিলাৰ 25 খন গাঁৱৰ 25 গৰাকী মহিলাক নিৰ্বাচিত কৰি বিতৰণ কৰিছে চিলাই মেচিন ৷ গ্ৰাম্য বিকাশ মঞ্চ নামৰ স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠানটোৱে এখন গাঁৱৰ এগৰাকী মহিলাক নিৰ্বাচিত কৰি মুঠ 25 গৰাকী মহিলাক 9 দিন প্ৰশিক্ষণ দিছে ৷ মহিলাসকলে যাতে নিজেই আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা কাপোৰ চিলাই কৰা প্ৰশিক্ষণ আৰু বিকল হৈ পৰা চিলাই মেচিন মেৰামতিৰ প্ৰশিক্ষণ দিছে ৷ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ যোৱা মহিলাসকলৰ খোৱা-বোৱাৰ ব্যৱস্থা আৰু অহা-যোৱাৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰি দিছে গ্ৰাম্য বিকাশ মঞ্চই ৷ প্ৰশিক্ষণৰ অন্তত প্ৰত্যেকগৰাকী মহিলাকে এটি চিলাই মেচিন আৰু এখন প্ৰমাণ পত্ৰ বিতৰণ কৰা হৈছে ৷ ইফালে প্ৰশিক্ষণ গ্ৰহণ কৰা এই মহিলাসকলে নিজৰ নিজৰ গাঁৱত 25 গৰাকীকৈ দৰিদ্ৰ মহিলাক কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ দিব ৷ সেই মহিলাসকলে যাতে নিজৰ লগতে নিজৰ পৰিয়ালটোক পোহপাল দিব পাৰে তাৰ বাবে প্ৰস্তুতি কৰাৰ লক্ষ্য লৈ আগবাঢ়ি যাব প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকল ৷ ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে গ্ৰাম্য বিকাশ মঞ্চৰ এনে পদক্ষেপক সকলোৱে শলাগ লৈছে ৷