thumbnail

এইবাৰ খালী ট্ৰাকৰ কেবিনত সৰবৰাহ গাঞ্জা

By

Published : Sep 23, 2021, 1:26 PM IST

কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীয়ে বুধবাৰে নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে । NL 01 AD 8750 নম্বৰৰ এখন খালী ট্ৰাকৰ ওপৰৰ কেবিনত মহাৰাষ্ট্ৰৰ চালক সুনীল নিকৰে গোপনে লুকুৱাই আনিছিল গাঞ্জাখিনি ৷ চূড়াইবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই ট্ৰাকখনৰ কেবিনৰ পৰা প্ৰায় 425 কেজি গাঞ্জা জব্দ কৰে । চালকজনে গাঞ্জাখিনি ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটীলৈ বুলি কঢ়িয়াই আনিছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.